NORTHEAST NOW (Assamese)

বুৰৈ নদীত উটি আহিল হাতী পোৱালিৰ মৃতদেহ; বিহালীৰ লালপুখুৰীত উদ্ধাৰ

September 14, 2018 7:50 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথ জিলাৰ বিহালীৰ অন্তৰ্গত লালপুখুৰীৰ বুৰৈ নদীৰ পাৰত আজি এটি ডেৰ বছৰীয়া মাইকী হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ হয়।

প্ৰাপ্ত তথ্য মতে নদীৰ পাৰত হাতী পোৱালিটো পৰি থকা দেখা পাই স্থানীয় একাংশ লোকে বনবিভাগৰ লোকক খবৰ দিয়াত পূব শোণিতপুৰৰ বন সংমণ্ডল বিষয়া সুহাশ কদম আৰু বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতী পোৱালিটোক উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে যোৱা কিছুদিনৰ পৰা ৰাজ্যৰ লগতে অৰুণাচলৰ বিভিন্ন স্থানত অব্যাহত থকা প্ৰবল বৃষ্টিপাতৰ ফলতে বুৰৈ নদীত হাতী পোৱালিটোৰ মৃতদেহ উটি আহে স্থানীয় ৰাইজে মন্তব্য কৰিছে।

বন সংমণ্ডল বিষয়া সুহাশ কদমে ইতিমধ্যে মৃত হাতী পোৱালিটো মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আমাৰ বিশ্বনাথৰ সংবাদাতাৰ আগত প্ৰকাশ কৰাৰ লগতে অহা দুদিনৰ ভিতৰত মৰোনত্তৰ পৰীক্ষাৰ তথ্য আহিব বুলি জানিবলৈ দিয়ে।

নদীত হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ হোৱাৰ খবৰ লাভ কৰাৰ পিছতে হাতী পোৱালিটোক চাবলৈ ঠাইখিনিত বহু লোকৰ সমাগম হোৱাৰ লগতে তেওঁলোকে ঘটনাটোত দুখ প্ৰকাশ কৰে।

Related News