NORTHEAST NOW (Assamese)

ৰাম তেৰি গংগা মৈলী! গেৰুৱা কাপোৰেৰে ঢাকি বালিত পুতি ৰখা একাধিক মৃতদেহ উদ্ধাৰ, ক’ত?

May 13, 2021 1:30 pm · এন ই নাও নিউজ

উত্তৰপ্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশৰ নদীত মৃতদেহ ভাহি যোৱাৰ দৃশ্যসমূহক লৈ চৰ্চা মাৰ নাযাওতেই যোগীৰাজ্য উত্তৰপ্ৰদেশৰ নদীৰ বালিচৰত একাধিক মৃতদেহৰ সন্ধান পোৱা গৈছে।

ৰাজ্যখনৰ উন্নাও জিলাৰ গংগাৰ বালিচৰত পোত যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহসমূহ।

নদীৰ পাৰৰ দুটাকৈ স্থানৰ পৰা একাধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে।

প্ৰশাসনৰ তৰফৰ পৰা অৱশ্যে এইসমূহ ক’ভিড আক্ৰান্তৰ মৃতদেহ হয়নে নহয় নিশ্চিতভাৱে জনা হোৱা নাই।

স্থানীয় লোকসকলৰ মোবাইলত তোলা ভিডিঅ’ ৰেকৰ্ডিঙত দেখা পোৱা গৈছে বালিত পুতি থোৱা অধিকাংশ মৃতদেহ গেৰুৱা কাপোৰেৰে মেৰিওৱা।

স্থানীয় লোকসকলে কয় যে মৃতদেহসমূহ পুৰিবলৈ কাঠৰ অভাৱৰ বাবেই এনেদৰে বালিত পুতি ৰখা হৈছে।

 

 

Related News