কোনো অনুষ্ঠান-প্ৰতিষ্ঠান অথবা নিজৰ দলৰ বাবে কিমান ত্যাগ স্বীকাৰ কৰিব পাৰে এজন নিষ্ঠাবান নেতা-কৰ্মীয়ে? তাৰে এক উৎকৃষ্ট নিদৰ্শন দাঙি দেখুৱাইছে চামগুৰিৰ বৰবালিটোপৰ এজন জ্যেষ্ঠ বিজেপি কৰ্মীয়ে।
শংকৰ বিশ্বাস নামৰ সত্তৰ উৰ্ধ্বৰ ব্যক্তি গৰাকীয়ে বিগত ৩৩ বছৰৰ পূৰ্বেই প্ৰতিজ্ঞা কৰিছিল যে, যিদিন পৰ্য্যন্ত অসমত বিজেপি দলে চৰকাৰ গঠন কৰিব নোৱাৰিব সেই দিন ধৰি তেওঁ দাড়ি-চুলি নকটাৰ উপৰিও ভৰিত নিপিন্ধে জোটা-চেণ্ডেল অথবা হাতত নিপিন্ধে ঘড়ী।
কালক্ৰমত অসমত প্ৰথমবাৰ বিজেপি দলে চৰকাৰ গঠন কৰাৰ সময়ত শাৰীৰিক অসুস্থতাৰ বাবে শংকৰ বিশ্বাসে তেওঁৰ পণ ভাঙিব নোৱাৰিলে যদিও এইবাৰ দ্বিতীয় বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাত একান্ত নিষ্ঠাবান স্থানীয় জ্যেষ্ঠ তৃণমূল নেতা গৰাকী উৎফুল্লিত হৈ পণ ভংগ কৰিলে।
বুধবাৰে বিয়লি একাংশ দলীয় নেতা-কৰ্মীৰ সাক্ষাতত নিজৰ পণ ভংগ কৰি ১৯৮৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে চুলি-দাড়ি কটোৱাই নহয় ভৰিত পৰিধান কৰিলে জোতা-চেণ্ডেলৰ লগতে হাতত ঘড়ী।
এই মুহূৰ্তটোক এক পবিত্ৰ ক্ষণ বুলি মানি লৈ শংকৰ বিশ্বাসৰ ঘৰত উপস্থিত হোৱা বিজেপিৰ দলীয় নেতা-কৰ্মী সকলে জ্যেষ্ঠ তৃণমূল নেতা গৰাকীক অতি আৱেগেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা দেখা যায়।
উল্লেখযোগ্য যে, চামগুৰি সমষ্টিত প্ৰথম বিজেপিৰ ভেটি গঢ় দিয়া অন্যতম সৰবৰাহী জ্যেষ্ঠ তৃণমূল নেতা শংকৰ বিশ্বাসৰ এই ৩৩ বছৰীয়া অক্লান্ত প্ৰতিজ্ঞাৰ বিষয়ে সমষ্টিৰ প্ৰায় সৰহ সংখ্যক লোকেই জানিছিল তথা সন্মান জনাইছিল।
ভাৰত মাতৃৰ প্ৰতি থকা তেওঁৰ অফুৰন্ত দেশপ্ৰেমৰ কথাও সকলোৰে অৱগত আছিল।
ইফালে ৰাজ্যত নিজ দলৰ সফলতা আৰু চামগুৰিতো পূৰ্বৰ তুলনাত বিজেপিৰ চমকপ্ৰদ উত্থান প্ৰত্যক্ষ কৰি এতিয়া সন্তুষ্টি প্ৰকাশ কৰা দলৰ পিতামহ স্বৰূপ শংকৰ বিশ্বাসে বুধবাৰে বিয়লিও ভাৰত মাতা জয়ধ্বনিৰে মুখৰিত কৰি তোলে চৌপাশ।