NORTHEAST NOW (Assamese)

চতিয়াত মহিলাৰ মৃতদেহ উদ্ধাৰ; ডিঙি ৰেপি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈছিল হত্যাকাৰীয়ে

April 14, 2022 4:53 pm · কাজি জেইদুল ইছলাম, বিশ্বনাথ

গৰু বিহুৰ দিনাই চতিয়াত ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ। চতিয়াৰ  নাগশংকৰ মন্দিৰৰ মূল প্ৰবেশ পথৰ কাষতে উদ্ধাৰ কৰা হৈছে মহিলা গৰাকীৰ মৃতদেহ ৷

প্ৰথমতে নাগশংকৰ দেৱালয়লৈ অহা দৰ্শনাৰ্থীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু স্থানীয় ৰাইজক অৱগত কৰে। পৰৱৰ্তী সময়ত মৃতদেহটো চতিয়াৰ জয়পুৰৰ পপী বৰাৰ মৃতদেহ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে ৷

ইতিমধ্যে ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ বোৱাৰীগৰাকীৰ মৃতদেহৰ কাষতে এটা গোলপীয়া ৰঙৰ বেগ আৰু পলিথিনৰ এটা বেগত কাপোৰ পোৱা গৈছে ৷

লগতে পঢ়ক: বিৰল মহাজাগতিক দৃশ্য! এপ্ৰিলতেই আকাশত নিকট অৱস্থান কৰিব মঙল, শুক্ৰ, বৃহস্পতি আৰু শনিয়ে

এই হত্যাকাণ্ডৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই যদিও ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ তাৰমাজতে ঘটনাস্থলীত বিশ্বনাথৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক নবীন সিং আহি উপস্থিত হয় ৷

Related News