NORTHEAST NOW (Assamese)

বোকাখাতত পুখুৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

February 23, 2019 5:23 pm · উত্তম শইকীয়া

বোকাখাতৰ ৩ নং দ-গাঁৱৰ এটা পুখুৰীত আজি পুৱা পানীত ওপঙি থকা অৱস্থাত এটা মৃত নৱজাতক শিশু উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কোনো লোকে সদ্যোজাত শিশুটো পুখুৰীত পেলাই যোৱাা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।

জানিব পৰা মতে ৩ নং দ’ গাঁৱৰ প্ৰসন্ন বৰা নামৰ ব্যক্তিজনৰ বাৰীত থকা পুখুৰীত ওপঙি থকা নৱজাতক শিশুটো স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে। লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।

ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বিষয়টোৰ ওপৰত অভিযান আৰম্ভ কৰিছে।

আনহাতে স্থানীয় একাংশ লোকে পুখুৰীটোৰ কাষতে থকা ভাড়াঘৰৰ কোনো মহিলাই অবৈধ মাতৃত্বৰ চেকা ঢাকিবৰ বাবে এই কাম কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Related News