• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰা-ট্ৰেজেডি : বিধায়ক মৃণাল শইকীয়াক বান্ধি দুছাট দি হ’লেও কথা উলিওৱাৰ আহ্বান ৰূপজ্যোতি কুৰ্মীৰ

উপযুক্ত ঔষধ-পাতি, চিকিৎসক নথকাৰ বাবেই মৃতকৰ সংখ্যা বাঢ়িছে : বিধায়ক ৰূপজ্যোতি কুৰ্মী

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 23, 2019 6:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ বৃহত্তম সুৰা-ট্ৰেজেডিত ইজনৰ পিছত সিজনকৈ নিহতৰ সংখ্যা নিতৌ বৃদ্ধি পাই থকাৰ মাজতে আক্ৰান্তসকলৰ খবৰ ল’বলৈ যোৱা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গুৰুতৰ অভিযোগ আনিছে চিকিৎসাত অৱহেলাৰ। বিধায়কজনৰ মতে, উপযুক্ত ঔষধ-পাতি, চিকিৎসক নথকাৰ বাবেই মৃতকৰ সংখ্যা বাঢ়িছে।

“কেৱল এটা ছেলাইন দি থৈছে, তাৰ বাহিৰে উপযুক্ত চিকিৎসা নাই।”, সংবাদ মাধ্যমৰ আগত অভিযোগ বিধায়কজনৰ। তেওঁৰ আগত এই কথা কৈ চিকিৎসাধীন বহুকেইজনে দুখ প্ৰকাশ কৰা বুলি দাবী কৰে বিধায়কজনে।

Apply Now

বিধায়কজনে সুৰাত ইমান সংখ্যক মানুহৰ মৃত্যু হোৱাৰ পিছতো চৰকাৰে ল’ৰা ধেমালি কৰি থকা বুলি অভিযোগ আনে।

আনহাতে চৰকাৰে তদন্ত ঘোষণা কৰিলেও ‘চৰকাৰৰ ওপৰত আমাৰ আস্থা নাই’ বুলি কৈ ঘটনাৰ চি বি আই তদন্ত দাবী কৰে বিধায়কজনে অভিযোগ কৰি কয় যে ইয়াৰ পূৰ্বে ২০১৬ চনত বিজেপি চৰকাৰ অহাৰ পিছতে একে ধৰণে চুলাইমদ খাই তিনিচুকীয়াৰ তালাপ, মেৰাপানীত আৰু ২০১৮ চনত দৈয়াঙত ২৯জন লোক নিহত হওঁতেও চৰকাৰে তদন্ত কৰাৰ আশ্বাস দিছিল। আছা, আটছাকে, চাহ মজদুৰ সংঘ ধৰি বিভিন্ন দল-সংগঠনে এই ঘটনাৰ সময়ত স্মাৰক পত্ৰ দিছিল। কিন্তু চৰকাৰে একো নকৰিলে।

“চৰকাৰে ল’ৰা-ধেমালি কৰাটো নিবিচাৰো। মানুহৰ জীৱনৰ লগত হেতালি খেলাটো নিবিচাৰো। অসমৰ ৰাইজৰ স্বাৰ্থত চি বি আই তদন্ত কৰাওক”, পূৰ্বৰ তদন্তৰ আশ্বাসলৈ আঙুলিয়াই দি কুৰ্মীয়ে কয়।

ইপিনে চুলাই ট্ৰেজেডিৰ ঘটনাটোক বিৰোধীৰ ষড়যন্ত্ৰ সজাই মূৰ পোলোকা মাৰিব খোজা স্থানীয় বিজেপি বিধায়ক মৃণাল শইকীয়াক উলটি ধৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, ঘটনাটোৰ আঁৰৰ আচল মানুহ কোন মৃণাল শইকীয়াই জানে। গতিকে তেওঁক থানালৈ আনি সুধিব লাগে। ক’ব নুখুজিলে বান্ধি লৈ দুছাট দি হ’লেও উত্তৰ উলিয়াব লাগে।

“তেখেতক থানালৈ মাতিব লাগে। যদি ক’ব নোৱাৰে, বান্ধি লৈ দুছাট দি হ’লেও সুধিব লাগে কোন আছে এই ঘটনাৰ আঁৰত। সুধিব লাগে আৰু সেইমতে, ধৰিব লাগে। এই ঘটনাটোৰ তেৱেঁ মূল নায়ক।” সংবাদ মাধ্যমৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে কয়।

আনহাতে তেওঁক মৃণাল শইকীয়াৰ সাংগোপাংগই বাধা দিয়া বুলিও কয়। শইকীয়াৰ সাংগোপাংগই তেওঁক কংগ্ৰেছে চাহ বাগিচাৰ শ্ৰমিকৰ বাবে কি কৰিলে বুলি প্ৰশ্ন সোধা বুলি জানিবলৈ দি উত্তৰত কয়, “কংগ্ৰেছৰ দিনত অন্ততঃ এনেকৈ চাহ বাগিচাৰ মানুহ মৰা নাছিল। তৰুণ গগৈৰ নেতৃত্বৰ ১৫টা বছৰত এনে ঘটনা ঘটা নাছিল।”

তেওঁ বিধায়ক মৃণাল শইকীয়াৰ এজন ঘনিষ্ঠ লোকে লালি গুৰৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰে বুলিও অভিযোগ উত্থাপন কৰে। বিধায়কজনৰ মতে সুৰা-দুৰ্ঘটনাৰ কেন্দ্ৰ যোগীবাৰীৰ মানুহেই এই অভিযোগ আনিছে। বিধায়ক মৃণাল শইকীয়াৰ গাৱঁৰ গাতে লাগি আছে এই যোগীবাৰী গাওঁ।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd