NORTHEAST NOW (Assamese)

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পুৰণি ভৱনৰ দ্বিতীয় মহলাত মহিলাৰ মৃতদেহ উদ্ধাৰ

February 27, 2022 3:07 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পুৰণি ভৱনৰ দ্বিতীয় মহলাত মহিলাৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উদ্ধাৰ হোৱা মৃতদেহটো ২১ বছৰীয়া আয়েচা খাতুনৰ বুলি জানিব পৰা গৈছে।

মহিলাগৰাকীৰ তিনি বছৰীয়া সন্তান ভৰ্তি হৈ আছিল হাস্পাতালত ৷

নিশা হাস্পাতালতে স্বামীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মহিলাগৰাকী ৷

মহিলাগৰাকীক তেওঁৰ দ্বিতীয় স্বামী হাদি আলিয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আয়েচাৰ মাতৃয়ে। দ্বিতীয় স্বামী হাদি আলিৰ সৈতে আয়েচাৰ কাজিয়া লগাৰ সময়ত মাক উপস্থিত আছিল।

অভিযোগ অনুসৰি পূৰ্বৰ স্বামীৰ লগত এতিয়াও সম্পৰ্ক ৰক্ষা কৰাৰ সন্দেহ কৰি আয়েচাৰ লগত প্ৰায়ে কাজিয়াত লিপ্ত হয় বৰ্তমানৰ স্বামী হাদি আলিয়ে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে আৰু কেইবাজনো লোকক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। বিষয়টো এতিয়া আৰক্ষীৰ তদন্তত৷

Related News