DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

যুদ্ধয়ো ৰুদ্ধ কৰিব নোৱাৰে প্ৰেমৰ তাড়ণা

লোচন কৌশিক by লোচন কৌশিক
February 27, 2022 2:26 pm
যুদ্ধয়ো ৰুদ্ধ কৰিব নোৱাৰে প্ৰেমৰ তাড়ণা
179
VIEWS
Share on FacebookShare on Twitter

বতাহত আকৌ বাৰুদৰ গোন্ধ! ইউক্ৰেইনৰ আকাশত ৰাছিয়ান বিমানৰ কুছকাৱাজ দেখি স্তম্ভিত বিশ্ব।

যোৱা দুবছৰ ধৰি, ক’ৰনা মহামাৰীৰ সৈতে যুঁজি ভাগৰি পৰিছে বিশ্ব। তাৰ মাজতেই যুদ্ধ! এয়া কি তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ লক্ষণ নেকি? এনে এক আশংকাৰ মাজতে ইন্টাৰনেটত ভাইৰেল হৈছে এখন ছবি।

ইউক্ৰেইনৰ এখন মেট্ৰ’ ষ্টেচনৰ ওচৰত এজন যুৱক আৰু এগৰাকী যুৱতী। প্ৰেমিকে প্ৰেমিকক স্পৰ্শ কৰা এই ছবিখনে আকৌ এবাৰ দেখুৱালে যে যুদ্ধৰ ক’লা ডাৱৰে প্ৰেমক আৱৰি ধৰিব নোৱাৰে। বিশ্বযুদ্ধই হওঁক বা গৃহযুদ্ধই হওঁক, প্ৰেম মাৰাত্মক যুদ্ধৰ মাজতো জিলিকি উঠিব পাৰে।

আমেৰিকান বেণ্ড ‘ঈগলছ’ৰ এটা বিখ্যাত গান, ‘হোৱেন উই আৰ হাংৰি, লাভ উইল কিপ আছ এলাইভ’। ভোকৰ সময়তো প্ৰেমে আমাক জীয়াই ৰাখে। দুৰ্ভিক্ষ হওঁক বা মহামাৰী। বা যুদ্ধৰ সৰ্বগ্ৰাসী লেলিহান শিখা। প্ৰেমেই ৰক্ষা কৰে। সকলো প্ৰতিকূলতাৰ মাজতো, হয়তো বুকুৰ পৰা ওলাই আহে প্ৰেম।

ঘৃণাৰ ক’লা গাঁতবোৰতো প্ৰেমে জন্ম লয়। যেতিয়া নৰউড থমাছে জয়েছ মৰিছক প্ৰথমবাৰ দেখিছিল, তেওঁ চকু আঁতৰাব পৰা নাছিল। দ্বিতীয় বিশ্বযুদ্ধ তেতিয়া পূৰ্ণ গতিত চলি আছিল।

১৯৪৪ চনত মাৰ্কিন সৈন্য নৰউড থমাছ লণ্ডনলৈ আহিছিল। টেমছৰ পাৰত থমাছ আৰু জয়েছৰ প্ৰথম দেখা- দেখি। আৰম্ভ হয় দুয়োৰে মাজত চিঠিৰ আদান- প্ৰদান। কিন্তু যুদ্ধৰ শেষত থমাছ ঘৰলৈ গ’ল। প্ৰেমিকা জয়েছ অষ্ট্ৰেলিয়ালৈ। বিচ্ছিন্ন হল দুয়োজনৰ মাজৰ যোগাযোগ। দৰাচলতে, জয়েছে ভাবিলে যে থমাছ এক নতুন সম্পৰ্কত বান্ধ খাইছে। তাৰ পিছত দুয়ো পৃথক হৈ পৰিল আৰু বৈবাহিক জীৱন আৰম্ভ কৰিলে।

কিন্তু জয়েছৰ সম্পৰ্ক স্থায়ী নহ’ল। ২০০১ চনত থমাছৰ পত্নীৰো মৃত্যু হয়। ৭০ বছৰৰ পিছত, দুয়োগৰাকী অকলশৰীয়া বৃদ্ধ পুৰুষ আৰু মহিলাই স্কাইপত কথা পাতে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দুই প্ৰেমিকৰ সাক্ষাৎ, ব্যৱধান ৭০ বছৰৰ! দুখন হৃদয় আকৌ ওচৰ চাপি আহিল। কিন্তু ৰৈ গল অনুশোচনা। জীৱন চলি থাকিল…

দ্বিতীয় বিশ্বযুদ্ধ বুলি কলে নাজীসকলৰ ইহুদী নিধনৰ প্ৰসংগ আহিবই। ঘৃণা আৰু হত্যাৰ এনে নিৰ্লজ্জ উৎসৱ হয়তো আৰু দেখা নাই। অথচ এইটো কল্পনা কৰিব পাৰি নে— যে এগৰাকী নাজী বিষয়া ইহুদী ছোৱালীৰ প্ৰেমতো পৰিব পাৰে! কেপ্টেইন উইলি চুল্টজে দেখিছিল যে কনচেণ্ট্ৰেচন কেম্পৰ মৃত্যু মিছিল আৰু অত্যাচাৰৰ শ্বাসৰুদ্ধকৰ অন্ধকাৰৰ মাজতো ষ্টেইন নামৰ যুৱতীগৰাকীৰ ওঁঠত হাঁহি বিৰিঙিছিল। ছাল্টজে ব্যক্তিগতভাৱে কাপুৰুষৰ দৰে ইহুদীসকলক নিৰ্মমভাৱে হত্যা কৰাটো পছন্দ কৰা নাছিল।

ষ্টেইনক দেখাৰ পিছত তেওঁৰ মন আৰু অধিক সলনি হ’ল। অৱশেষত, ছাল্টজে নিজৰ জীৱন বিপদাপন্ন কৰি প্ৰেমিকাক জাৰ্মান অধিকৃত অঞ্চলৰ পৰা উদ্ধাৰ কৰি মুক্তিৰ সুযোগ দিছিল।দৰাচলতে, এই ঘটনাটো এক অকথিত প্ৰেম কাহিনী হৈয়ে ৰৈ যায়। ১৯৪৪ চনৰ ডিচেম্বৰ মাহত মেনিনজাইটিছত ছাল্টজৰ মৃত্যু হয়। কিন্তু ‘লগন উকলি গ’ল,তেৱো যে নহ’ল দেখা’।
এই আশ্চৰ্যজনক প্ৰেম কাহিনী ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ল। কিন্তু এই অমৰ প্ৰেমগাথা বাৰে বাৰে প্ৰতিফলিত হৈছে ‘ষ্টেলিনগ্ৰেড’ৰ দৰে চলচ্চিত্ৰ বা ‘নো ৱমেনছ লেণ্ড’ৰ দৰে উপন্যাসত।

যুদ্ধ কেৱল আগ্ৰাসী ৰাষ্ট্ৰনায়কেহে বিচাৰে। বাকী পৃথিৱীয়ে জানে যে যুদ্ধই ধ্বংস আৰু মৃত্যুৰ মিচিলৰ বাহিৰে আন একো দিব নোৱাৰে। আৰু যিসকলে প্ৰেমত পৰে? ১৯৭০ৰ এখন বিখ্যাত চিনেমা ‘ছানফ্লাৱাৰ’। চফিয়া লৰেন আৰু মাৰ্চেলো মাষ্ট্ৰোইয়ানিৰ সেই ছবিখনত তেওঁৰ সঙ্গীক এৰি যাবলৈ অনিচ্ছুক এণ্টনিঅ’ই পাগল হোৱাৰ ভাও জুৰিছিল। কিন্তু শেষত যুদ্ধৰ অনিবাৰ্যতাক এৰাই চলিব নোৱাৰিলে এণ্টনিঅ’ই। সলনি হল জীৱন।

ৰূপালী পৰ্দাৰ সেই জীৱনটো কেৱল এটা মনেসজা কাহিনী নহয়। বাস্তৱ পৃথিৱীৰ পৰা তুলি অনা বিচ্ছেদগাথাৰ প্ৰতিফলন। এইটো স্বীকাৰ কৰিব লাগিব যে যুদ্ধ চয়তানৰ দৰেই অমৰ।

যি বাৰে বাৰে ঘূৰি আহি থাকে। আনহাতে, ঈশ্বৰৰ দৰে প্ৰেমো সদায় বতাহত মিশ্ৰিত হৈ থাকে। ফলস্বৰূপে, সময় যিমানেই বিষাক্ত নহওঁক কিয়, প্ৰেমে পথ দেখুৱায়। জীয়াই ৰাখে বিশ্বাস। সেই বিশ্বাসক আগত ৰাখি, যুদ্ধৰ বিষাদময় মৰুভূমি অতিক্ৰম কৰিব পাৰি।

Recent News

চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

Gyanvapi Mosque Row: জ্ঞানৱাপী মছজিদৰ শিৱলিংগ উদ্ধাৰৰ দাবী কৰা এলেকা ছীল, উচ্চতম ন্যায়ালয়ত আজি শুনানি

Gyanvapi Mosque Row: জ্ঞানৱাপী মছজিদৰ শিৱলিংগ উদ্ধাৰৰ দাবী কৰা এলেকা ছীল, উচ্চতম ন্যায়ালয়ত আজি শুনানি

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd