দুধনৈত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ, মৃত্যুৰ সঠিক কাৰণ অজ্ঞাত

গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷

কেতিয়াবা হাতীৰ আক্ৰমণত মানুহৰ প্ৰাণ গৈছে,ঘৰ-দুৱাৰ ভাঙি মানুহ গৃহহীন হৈছে ৷

আৰু কেতিয়াবা হাতীৰো প্ৰাণ গৈছে৷
আজি দুধনৈত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হয়৷ কুশধোৱা খেদেলাপাৰাৰ পথাৰত উদ্ধাৰ হৈছে এটা মৃত হাতী ৷

মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট নহয় যদিও বিদ্যুৎপৃষ্ট হোৱাৰ সন্দেহ কৰা হৈছে৷

ঘটনাস্থলীলৈ ৰাওনা হৈছে বন বিভাগৰ দল৷সন্দেহ কৰামতে হাতীৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে মানুহে পথাৰত আঁৰি থোৱা বিদ্যুতৰ তাঁৰত লাগিয়েই মৃত্যুৰ মুখত পৰে হাতীটো৷