বুঢ়ীদিহিং নদীত সন্ধানহীন দুগৰাকী কিশোৰীৰ এগৰাকীৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত বুঢ়ীদিহিং নদীৰ অৰুণাচল ঘাটত বিগত এঘাৰ তাৰিখে গা ধুবলৈ গৈ সন্ধানহীন হৈ থকা কিশোৰী দুগৰাকীৰ মাজৰে এগৰাকীৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া উদ্ধাৰ হয়।

ঘটনাস্থলীৰ পৰা কেইবা কিলোমিটাৰ আঁতৰৰ সৰ্বোদয় নামৰ ঘাটটোৰ সমীপত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

মৃত কিশোৰী গৰাকীৰ নাম জেৰীনা ময়ং( ৬) ।

এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে অভিযান চলাই কিশোৰী গৰাকীক ঘটনাস্থলীৰ পৰা প্ৰায় সাত কিলোমিটাৰ আঁতৰৰ সৰ্বোদয় ঘাটত বালিচৰত লাগি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জেৰীনা ময়ঙৰ মৃতদেহ উদ্ধাৰ হলেও উদ্ধাৰকাৰী দলে এতিয়া পৰ্যন্ত আন গৰাকী কিশোৰী ৰাণী পাটিৰৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নায়।

ৰাণী পাটিৰৰ সন্ধানত উদ্ধাৰকাৰী দলে এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

আনহাতে, জেৰীনা ময়ঙৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়াল আৰু অঞ্চলটোৰ লোকৰ মাজত শোকৰ ছাঁ পৰিছে।