এইবাৰ ‘মাংস ভক্ষক’ বেক্টেৰিয়াৰ সন্ধান! সংক্ৰমিত হ’লে এদিনৰ ভিতৰত হ’ব পাৰে মৃত্যু

ফটো: সংগ্ৰহীত।

কিমান যে দিনে দিনে নতুন নতুন আতংকৰ খবৰ আহিবলৈ ধৰিছে। এইবাৰ ওলাইছে “মাংস ভক্ষক” বেক্টেৰিয়া। কিন্তু সঁচাকৈয়ে আমেৰিকাত এনে এটা প্ৰাণীৰ সন্ধান পোৱা গৈছে। ইয়াৰ সংক্ৰমণৰ মাত্ৰা ইমানেই ভয়ংকৰ যে আক্ৰান্তই বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। কেতিয়াবা এদিনৰ পৰা দুদিনৰ ভিতৰতে ৰোগীৰ মৃত্যুও ঘটিছে।

কিন্তু এই ‘মাংস খোৱা’ বেক্টেৰিয়া কি? আমেৰিকাৰ ‘চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচন অফ দ্য ইউনাইটেড ষ্টেচছ’ ৰ তথ্য অনুসৰি এই বেক্টেৰিয়াৰ নাম হৈছে ভিব্ৰিও ভালনিফিকাছ (Vibrio vulnificus)।

লগতে পঢ়ক: ম্যানমাৰত হত্যাযজ্ঞ! সামৰিক জুন্টা বাহিনীৰ বিমান আক্ৰমণত নিহত কমেও ১০০জন লোক

এই বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিয়ে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগে। তেনেহ’লে আক্ৰান্ত অংগটো অস্ত্ৰোপচাৰ কৰি আঁতৰাই পেলাব লাগে। দেখা গৈছে যে আক্ৰান্তৰ মাজৰ ৫ জনৰ ভিতৰত এজনৰ এদিনৰ পৰা দুদিনৰ ভিতৰত মৃত্যু হৈছে।

কিন্তু এই প্ৰাণীবোৰক কিয় ‘মাংস ভক্ষক’ বুলি কোৱা হয়? আচলতে দেখা গৈছে যে কেইবাটাও ক্ষেত্ৰত সংক্ৰমণৰ ফলত হোৱা ঘাঁৰ চাৰিওফালে থকা মাংস গুৰুতৰ সংক্ৰমণৰ বাবে নষ্ট হৈ গৈছে। বহু সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে সেই বেক্টেৰিয়াবোৰ ‘মাংস ভক্ষক’।

এই সন্দৰ্ভত এখন গৱেষণা পত্ৰ ছায়েন্টিফিক ৰিপ’টাৰ্ছ’ নামৰ এখন আলোচনীত প্ৰকাশ পাইছে। তাত ১৯৮৮ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ১১০০ টা ঘাঁৰ সংক্ৰমণৰ ওপৰত গৱেষণাৰ বাতৰি পোৱা গৈছে। তাতেই উল্লেখ কৰা হৈছে সেই বেক্টেৰিয়াৰ কথা।

লগতে পঢ়ক: গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা! যৌন নিৰ্যাতনৰ অভিযোগত তোলপাৰ ভাৰতীয় নৃত্য একাডেমী

গৱেষকসকলে আশংকা কৰিছে যে এই বেক্টেৰিয়াটো মূলতঃ আমেৰিকাৰ পূব উপকূলত পোৱা গৈছে। ২০৪১ চনৰ পৰা ২০৬০ চনৰ ভিতৰত নিউ জাৰ্চি আৰু নিউয়ৰ্কত এই বেক্টেৰিয়াৰ প্ৰাধান্য দেখা যাব বুলিও গৱেষকসকলে আশংকা কৰিছে।