NORTHEAST NOW (Assamese)

কলিয়াবৰত মিনি ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল তিনি বাইক আৰোহীৰ

February 16, 2019 10:08 pm · ৰিদিপ শৰ্মা

কলিয়াবৰৰ ৰাঙলোত আজি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৩জনকৈ লোক থিতাতে নিহত হ’বলগীয়া হয়। গোলাঘাটৰ পৰা নগাঁও অভিমুখে আহি থকা এ এছ ০১ ডি ডি ২১৩৪ নম্বৰৰ এখন মিনি ট্ৰাকে বিপৰীত ফালৰ পৰা আহি থকা এ এছ ১২ ডি ৭০৭১ নম্বৰৰ এখন পালছাৰ বাইকত খুন্দা মৰাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত বাইক আৰোহী কেইজনৰ এজনক কলিয়াবৰ ৰাঙলো নিৱাসী ৰাম দেৱাল গৌড় বুলি চিনাক্ত কৰা হৈছে যদিও বাতৰি লিখা সময়লৈকে আন দুজন লোকক চিনাক্ত কৰিব পৰা হোৱা নাই।

জখলাবন্ধা আৰক্ষীয়ে জানিব দিয়া মতে পথ দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে নিহত তিনিওগৰাকী লোকৰ মুখমণ্ডল ছিন্ন-ভিন্ন হৈ যোৱাৰ লগতে বাইকখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যায়। আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটাক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে উক্ত দুৰ্ঘটনা সংঘটিত কৰিয়েই পয়ালন কৰিব বিচৰা মিনি ট্ৰাকখনে পুনৰ এখন এ এছ ২৩ বি চি ৮৩১৩ নম্বৰৰ শাক-পাচলি ভৰ্তি টাটা এ চি বাহনত খুন্দা মৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে টাটা এ চিখন বাগৰি পৰাৰ লগতে মিনি ট্ৰাকখনো নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰি পৰে।

দ্বিতীয় দুৰ্ঘটনাটোত আহত টাটা এ চি বাহনখনৰ চালক আৰু হেণ্ডিমেনক স্থানীয় ৰাইজ আৰু জখলাবন্ধা আৰক্ষীৰ তৎপৰতাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই মিনি ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে দুয়োকে বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই।

Related News