NORTHEAST NOW (Assamese)

বোকাখাতত শ্রমিক নেতা তথা প্ৰাক্তন মন্ত্ৰী ছত্র গোপাল কর্মকাৰৰ মৃত্যু দিৱস উদযাপন

August 31, 2018 6:53 pm · উত্তম শইকীয়া
Updated: August 31, 2018 6:55 pm

অসম সাহিত্য সভাৰ আজীৱন সভ্য, পুৱতি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সদস্য, প্রাক্তন সম্পাদক, শ্রমিক নেতা অসম চৰকাৰৰ তিনিটা কাৰ্যকালৰ বিধায়ক তথা মন্ত্ৰী ছত্র গােপাল কর্মকাৰৰ ৩৯ সংখ্যক মৃত্যু দিৱস আজি ৩১ আগষ্টত পুৱতি সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰা হয়।

এই উপলক্ষে চাহ জনজাতি সাহিত্য সভাৰ বোকাখাত শাখাৰ সম্পাদক ধনীৰাম কুৰ্মীয়ে ছত্ৰ গোপাল কৰ্মকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে সাহিত্যিক পেঞ্চনাৰ অন্নদা শইকীয়াই ৷

গোলাঘাট জিলা সাহিত্য সভাৰ  উপ সভাপতি কল্পনা চেতিয়াই উদ্বোধন কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক তথা আপকুৰ উপদেষ্টা ভবেশ শইকীয়াই প্ৰয়াত ছত্ৰ গোপাল কৰ্মকাৰৰ জীৱনৰ ওপৰত এক বিস্তৃত আলোকপাত কৰে। তদুপৰি, বিশিষ্ট সাহিত্যিক মাখনলাল বাঢ়ৈয়েও নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কৰ্মকাৰৰ জীৱনৰ ওপৰত ভাষণ দিয়ে।

অনুষ্ঠানত চাহ জনজনজাতি সাহিত্য সভা, মিচিং সাহিত্য সভা, পুৱতি সাহিত্য সভা, বোকাখাত মহকুমা কবি সন্মিলন, চাহ মজদুৰ সংঘ, বোকাখাত লেখিকা সমাৰোহ সমিতি, গড়মূৰ শাখা লেখিকা সমাৰোহ সমিতি, বোকাখাত প্ৰেছ ক্লাৱ আদিয়ে স্মৃতি তৰ্পন কৰে। স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে পুৱতিৰ সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে।

ইয়াৰ উপৰি সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন সেন, পুতলী খাউণ্ড, গোবিন্দ দলে, তপন কৰ্মকাৰ, হিম কৰ্মকাৰ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতাই অংশগ্ৰহণ কৰা অনুষ্ঠানত ছত্ৰ গোপাল কৰ্মকাৰৰ জীৱন ভিত্তিক এখন গ্ৰন্থ উন্মোচন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক কপিলাচ তাঁতিয়ে।

Related News