NORTHEAST NOW (Assamese)

নগাঁৱত মৰ্মান্তিক ঘটনা : দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত দুই ভাতৃৰ কৰুণ মৃত্যু

November 20, 2024 9:33 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

নগাঁও জিলাৰ কলিয়াবৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।

এখন দ্ৰুতবেগী ইটা ভৰ্তি ট্ৰাকে খুন্দিওৱাৰ ফলত নিহত হয় দুই ভাতৃ।

যোৱা নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

ধিঙৰ ৰজাবাৰীৰ জৈনাল আবেদিন আৰু আব্দুল চুবান নামৰ ভাতৃদ্বয়ে নিজৰ শাক-পাচলিৰ দোকান বন্ধ কৰি গৃহাভিমুখে আহি থকা অৱস্থাত তেওঁলোকৰ পিকআপ ভ্যানখনৰ এটা টায়াৰ ফাটি যায়। তেওঁলোকে পথৰ কাষত গাড়ীখন ৰখাই টায়াৰ সলাই থকাৰ সময়তে এ এছ-২৫এফচি-০৮৬৭ নম্বৰৰ এখন তীব্ৰবেগী ইটাভৰ্তি ট্ৰাকে দুয়োকে খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ বিষয়ে আৰক্ষীক জনোৱাৰ পিছত ভাতৃদ্বয়ক প্ৰথমে জখলাবন্ধাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় । তাতেই তেওঁলোকে শেষ নিশ্বাস ত্যাগ কৰে।

জানিব পৰা মতে, জৈনালে পত্নী আৰু তিনিটা সন্তান এৰি থৈ গৈছে. আব্দুললে এৰি গৈছে বৃদ্ধ মাতৃৰ সৈতে পত্নী আৰু নাবালক সন্তান।

এতিয়া দুয়োটা পৰিয়ালতে বৈছে শোকৰ বন্যা। সমগ্ৰ অঞ্চলটোত শোকৰ ছাই বিৰাজ কৰিছে।

Related News