মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

Manipur landslide

মণিপুৰৰ নোনি জিলাত সংঘটিত ভূমিস্খলনস্থলীত দেওবাৰে সন্ধানহীন হৈ থকা আঠজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। এইদৰে ভূমিস্খলনৰ ফলত হোৱা নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি পাইছে।

এতিয়ালৈকে এই মৰ্মান্তিক ঘটনাত নিহত ২৭ জন টেৰিটৰিয়েল আৰ্মীৰ কৰ্মচাৰী। দেওবাৰে ঘটনাস্থলীৰ পৰা এটি দুবছৰীয়া শিশুৰ মৃতদেহো উদ্ধাৰ কৰা হয়। উল্লেখ্য যে এই ভূমিস্খলনত অসমৰো কেইবাজনো লোক নিহত হৈছে।

দেওবাৰে কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী ড০ সুভাষ সৰকাৰৰ সৈতে মণিপুৰৰ সাংসদ মহাৰাজা চানাজাওবা লেইচেম্বা আৰু ৰাজু বিস্তাই ভূমিস্খলন অঞ্চল পৰিদৰ্শন কৰে আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰে।

ইফালে, মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু জিলা বিষয়াসকলে জানিবলৈ দিয়া মতে দেওবাৰে পুৱতি নিশা একেখন জিলাৰে চিবিলঙত আন এক বৃহৎ ভূমিস্খলন সংঘটিত হৈছে।

চৰকাৰী প্ৰতিবেদনত উল্লেখ কৰা মতে শনিবাৰে নিশা পশ্চিম মণিপুৰৰ টুপুলতো নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হৈছিল। বৃহস্পতিবাৰে টুপুলত প্ৰলয়ংকৰী ভূমিস্খলনৰ ফলত টেৰিটৰিয়েল আৰ্মীৰ জোৱানসহ প্ৰায় ৮০ জন লোক জীৱন্তে খহি অহা মাটিত পোত গৈছিল।

দেওবাৰে মুখ্যমন্ত্ৰী বীৰেন সিঙে সেনা চিকিৎসালয় পৰিদৰ্শন কৰে আৰু টুপুল ভূমিস্খলনত আহত জোৱানসকলৰ সৈতে কিছু সময় অতিবাহিত কৰে।

তেওঁ প্ৰতিজন জোৱানক ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰে আৰু তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে।

উল্লেখ্য যে ধাৰাবাহিক ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত মণিপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুংডলন, নুংকাও আৰু চিবিলঙত একাধিক পথ বন্ধ হৈ পৰিছে।

প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল আংগোম ববিন সিঙে কয় যে প্ৰতিকূল বতৰ স্বত্বেও ভাৰতীয় সেনা, অসম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মী আৰু ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে টুপুলৰ ঘটনাস্থলীত অনুসন্ধান অভিযান অব্যাহত ৰাখিছে।

তেওঁ কয় যে ১৩ জন টেৰিটৰিয়েল আৰ্মী জোৱান আৰু পাঁচজন সাধাৰণ লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। অৱশিষ্ট সন্ধানহীন টেৰিটৰিয়েল আৰ্মীৰ কৰ্মী আৰু অসামৰিক লোকৰ সন্ধানৰ নিৰন্তৰ প্ৰচেষ্টা অন্তিম ব্যক্তিজন পোৱালৈকে অব্যাহত থাকিব বুলি প্ৰতিৰক্ষা মুখপাত্ৰজনে লগতে কয়।