NORTHEAST NOW (Assamese)

মিজোৰামৰ শিল কুৱেৰীৰ স্খলনস্থলীৰ পৰা পুনৰ তিনিটা মৃতদেহ উদ্ধাৰ: মৃতকৰ সংখ্যা ১১ লৈ বৃদ্ধি

November 16, 2022 4:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 16, 2022 3:22 pm

মিজোৰামৰ হনাথিয়েল জিলাৰ এটা শিল কুৱেৰীত সোমবাৰে সংঘটিত হোৱা ভয়াৱহ স্খলনৰ দুদিন পিছত আজি উদ্ধাৰকাৰী দলে পুনৰ তিনিটা মৃতদেহ উদ্ধাৰ কৰিছে। এই তিনিটা মৃতদেহৰ সৈতে স্খলনস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১ লৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে এই ভয়াৱহ স্খলনত শিল কুৱেৰীত থকা ১২ গৰাকী কৰ্মী সন্ধানহীন হৈছিল। মঙলবাৰে স্খলনস্থলীৰ পৰা ৮ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। বৰ্তমানলৈ সন্ধানহীন ১১ গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছত আন এগৰাকী কৰ্মী এতিয়াও সন্ধানহীন হৈ আছে।

স্থানীয় প্ৰশাসনৰ এগৰাকী বিষয়াই উল্লেখ কৰা মতে ১২ গৰাকী ব্যক্তিৰ ভিতৰত ৪ গৰাকী শিল কুৱেৰীটোৰ স্বত্বধিকাৰী এবিচিআই ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী আছিল আৰু আন ৮ গৰাকী ঠিকাদাৰৰ অধীনস্থ শ্ৰমিক আছিল।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (NDRF) দল, জিলা প্ৰশাসন, অসম ৰাইফলছ আৰু সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে উদ্ধাৰ অভিযান চলাই আছে বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে হনাথিয়েলৰ আৰক্ষী অধীক্ষক বিনীত কুমাৰে সোমবাৰে আবেলি প্ৰায় ৩ বজাত মৌদাৰগাঁৱত এই ভয়াৱহ স্খলন সংঘটিত হৈছিল বুলি সদৰী কৰিছিল।

স্খলনৰ সময়ত ১৩ গৰাকী লোকে কাম কৰি আছিল যদিও এগৰাকী শ্ৰমিক ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল। কুৱেৰীটোৰ স্বত্বাধিকাৰী কোম্পানীটোৱে নিহত লোকসকলৰ মৃতদেহ নিজ নিজ গাঁৱলৈ পৰিবহনৰ ব্যৱস্থা কৰিব বুলি প্ৰশাসনে জানিবলৈ দিছে।

Related News