• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ঐতিহাসিক ৱালং যুদ্ধক স্মৰণ কৰিলে ভাৰতীয় সেনাই: পালন কৰিলে মাহজোৰা কাৰ্যসূচী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2022 3:20 pm
INDIAN ARMY COMMEMORATES BATTLE OF WALONG
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাহজোৰা কাৰ্যসূচীৰে ঐতিহাসিক ৱালং যুদ্ধৰ হীৰক জয়ন্তী উদযাপন কৰিলে ভাৰতীয় সেনাই। যোৱা ১৭ অক্টোবৰৰ পৰা ৱালঙত আৰম্ভ হোৱা অনুষ্ঠান লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীয়ে উদ্বোধন কৰিছিল।

উদ্বোধনী অনুষ্ঠানত তেওঁ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু যুদ্ধত ভাগ লোৱা প্ৰাক্তন সেনা জোৱানৰ লগতে যুদ্ধত সেনাক স্থানীয় লোকসকলক সন্মানিত কৰে। উদ্বোধনী অনুষ্ঠানত স্থানীয় জনসাধাৰণৰ দ্বাৰা নিৰ্মিত বিভিন্ন সা-সঁজুলি প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰে।

Apply Now

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অৰুণাচল প্ৰদেশ আৰু উজনি অসমতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰয়িঙৰ পৰা ৱালঙলৈ চাইকেল ৰেলীসহ অন্যান্য কাৰ্যসূচীৰ লগতে অনুপ্ৰেৰণামূলক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানৰ সময়তে ৱালং মেলা আৰু চলচ্চিত্ৰ মহোৎসৱ, খেল মহোৎসৱ, মিনি মাৰাথনৰ লগতে ৱালঙত এটা লাইট এণ্ড চাউণ্ড শ্ব’ৰ উদ্বোধন কৰা হয়। ইয়াৰ উপৰিও তেজপুৰৰ পৰা ৱালঙলৈ এক বৃহৎ মটৰচাইকেল ৰেলী আৰম্ভ কৰা হৈছিল।

 

 

এই মটৰচাইকেল ৰেলীয়ে অৰুণাচল প্ৰদেশত হোৱা ১৯৬২ ৰ ৱালঙৰ মুখ্য যুদ্ধক্ষেত্ৰৰ পৰা মাটি সংগ্ৰহ কৰি ৱালং যুদ্ধ স্মাৰকত সেই মাটি অৰ্পণ কৰিছিল।

এই মাহজোৰা হীৰক জয়ন্তী উদযাপন আজি ৱালঙত সমাপ্ত হয়। সামৰণি অনুষ্ঠানত লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা উপস্থিত থাকে। সেনা কমাণ্ডাৰ গৰাকীয়ে ৱালং যুদ্ধ স্মাৰকত পুষ্প অৰ্পণ কৰাৰ লগতে যুদ্ধৰ নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ৱালঙৰ যুদ্ধত অংশগ্ৰহণ কৰা সেনা গোটসমূহৰ প্ৰতিনিধিসকলৰ লগতে যুদ্ধত সহায় আগবঢ়োৱা স্থানীয় লোকসকলো অনুষ্ঠানৰ সময়ত উপস্থিত আছিল আৰু তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছিল।

সেনা কমাণ্ডাৰৰ দ্বাৰা বিভিন্ন দুঃসাহসিক ট্ৰেক, চাইকেল ৰেলী আৰু মটৰচাইকেল অভিযানৰ শুভাৰম্ভ কৰা হৈছিল। দৰ্শকসকলক সেনাৰ ইউনিফৰ্ম পৰিহিত জোৱানৰ দ্বাৰা গাটকা আৰু কলাৰিপায়াট্টুৰ এক আকৰ্ষণীয় প্ৰদৰ্শনেৰে আকৰ্ষিত কৰা হৈছিল। মাহজোৰা এই অনুষ্ঠানটোৱে স্থানীয় লোকসকলে ব্যাপক ৰূপত অংশগ্ৰহণ কৰাৰ লগতে যথেষ্ট সঁহাৰি তথা সমৰ্থন আগবঢ়ায়।

তদুপৰি, সাহসী সেনা জোৱান সকলৰ বীৰত্ব আৰু ত্যাগৰ কাহিনীক অমৰ কৰি তোলাৰ উদ্দেশ্যে ৱালঙৰ যুদ্ধৰ বিদ্যা দেশৰ প্ৰিমিয়াম সামৰিক প্ৰতিষ্ঠান আৰু বহুতো অসামৰিক প্ৰতিষ্ঠানত প্ৰদৰ্শিত হৈছে।

উল্লেখ্য যে পূৱ অৰুণাচল প্ৰদেশত চীনা আক্ৰমণৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অনন্য সাহসিকতা, সাহস আৰু ত্যাগৰ এক অনন্য উদাহৰণ হৈছে ৱালং যুদ্ধ। ষাঠি বছৰ পূৰ্বে ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত ভাৰতীয় সেনাই ৱালঙৰ যুদ্ধত চীনা সৈন্যক শক্তিশালী প্ৰত্যাহ্বান জনাইছিল।

ভাৰতীয় সেনাৰ সাহসী জোৱানসকলে আগবাঢ়ি অহা চীনা পিএলএ সেনাক ২৭ দিনৰ বাবে ৱালঙত ভেটি ৰাখিবলৈ সক্ষম হৈছিল। ভাৰতীয় সেনাৰ বীৰত্ব আৰু ত্যাগৰ এই কাহিনী ভৱিষ্যত প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ এক উৎস হিচাপে পৰিগণিত হৈ ৰ’ব বুলি গণ্য কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd