মাহজোৰা কাৰ্যসূচীৰে ঐতিহাসিক ৱালং যুদ্ধৰ হীৰক জয়ন্তী উদযাপন কৰিলে ভাৰতীয় সেনাই। যোৱা ১৭ অক্টোবৰৰ পৰা ৱালঙত আৰম্ভ হোৱা অনুষ্ঠান লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীয়ে উদ্বোধন কৰিছিল।
উদ্বোধনী অনুষ্ঠানত তেওঁ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু যুদ্ধত ভাগ লোৱা প্ৰাক্তন সেনা জোৱানৰ লগতে যুদ্ধত সেনাক স্থানীয় লোকসকলক সন্মানিত কৰে। উদ্বোধনী অনুষ্ঠানত স্থানীয় জনসাধাৰণৰ দ্বাৰা নিৰ্মিত বিভিন্ন সা-সঁজুলি প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰে।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অৰুণাচল প্ৰদেশ আৰু উজনি অসমতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰয়িঙৰ পৰা ৱালঙলৈ চাইকেল ৰেলীসহ অন্যান্য কাৰ্যসূচীৰ লগতে অনুপ্ৰেৰণামূলক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানৰ সময়তে ৱালং মেলা আৰু চলচ্চিত্ৰ মহোৎসৱ, খেল মহোৎসৱ, মিনি মাৰাথনৰ লগতে ৱালঙত এটা লাইট এণ্ড চাউণ্ড শ্ব’ৰ উদ্বোধন কৰা হয়। ইয়াৰ উপৰিও তেজপুৰৰ পৰা ৱালঙলৈ এক বৃহৎ মটৰচাইকেল ৰেলী আৰম্ভ কৰা হৈছিল।
এই মটৰচাইকেল ৰেলীয়ে অৰুণাচল প্ৰদেশত হোৱা ১৯৬২ ৰ ৱালঙৰ মুখ্য যুদ্ধক্ষেত্ৰৰ পৰা মাটি সংগ্ৰহ কৰি ৱালং যুদ্ধ স্মাৰকত সেই মাটি অৰ্পণ কৰিছিল।
এই মাহজোৰা হীৰক জয়ন্তী উদযাপন আজি ৱালঙত সমাপ্ত হয়। সামৰণি অনুষ্ঠানত লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা উপস্থিত থাকে। সেনা কমাণ্ডাৰ গৰাকীয়ে ৱালং যুদ্ধ স্মাৰকত পুষ্প অৰ্পণ কৰাৰ লগতে যুদ্ধৰ নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ৱালঙৰ যুদ্ধত অংশগ্ৰহণ কৰা সেনা গোটসমূহৰ প্ৰতিনিধিসকলৰ লগতে যুদ্ধত সহায় আগবঢ়োৱা স্থানীয় লোকসকলো অনুষ্ঠানৰ সময়ত উপস্থিত আছিল আৰু তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছিল।
সেনা কমাণ্ডাৰৰ দ্বাৰা বিভিন্ন দুঃসাহসিক ট্ৰেক, চাইকেল ৰেলী আৰু মটৰচাইকেল অভিযানৰ শুভাৰম্ভ কৰা হৈছিল। দৰ্শকসকলক সেনাৰ ইউনিফৰ্ম পৰিহিত জোৱানৰ দ্বাৰা গাটকা আৰু কলাৰিপায়াট্টুৰ এক আকৰ্ষণীয় প্ৰদৰ্শনেৰে আকৰ্ষিত কৰা হৈছিল। মাহজোৰা এই অনুষ্ঠানটোৱে স্থানীয় লোকসকলে ব্যাপক ৰূপত অংশগ্ৰহণ কৰাৰ লগতে যথেষ্ট সঁহাৰি তথা সমৰ্থন আগবঢ়ায়।
তদুপৰি, সাহসী সেনা জোৱান সকলৰ বীৰত্ব আৰু ত্যাগৰ কাহিনীক অমৰ কৰি তোলাৰ উদ্দেশ্যে ৱালঙৰ যুদ্ধৰ বিদ্যা দেশৰ প্ৰিমিয়াম সামৰিক প্ৰতিষ্ঠান আৰু বহুতো অসামৰিক প্ৰতিষ্ঠানত প্ৰদৰ্শিত হৈছে।
উল্লেখ্য যে পূৱ অৰুণাচল প্ৰদেশত চীনা আক্ৰমণৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অনন্য সাহসিকতা, সাহস আৰু ত্যাগৰ এক অনন্য উদাহৰণ হৈছে ৱালং যুদ্ধ। ষাঠি বছৰ পূৰ্বে ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত ভাৰতীয় সেনাই ৱালঙৰ যুদ্ধত চীনা সৈন্যক শক্তিশালী প্ৰত্যাহ্বান জনাইছিল।
ভাৰতীয় সেনাৰ সাহসী জোৱানসকলে আগবাঢ়ি অহা চীনা পিএলএ সেনাক ২৭ দিনৰ বাবে ৱালঙত ভেটি ৰাখিবলৈ সক্ষম হৈছিল। ভাৰতীয় সেনাৰ বীৰত্ব আৰু ত্যাগৰ এই কাহিনী ভৱিষ্যত প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ এক উৎস হিচাপে পৰিগণিত হৈ ৰ’ব বুলি গণ্য কৰা হয়।