ভাৰতীয় সেনা আৰু এন ডি আৰ এফৰ দলে তীস্তা নদীৰ অৱবাহিকাত বোকাময় মাটি আৰু তীব্ৰ পানীৰ সোঁতৰ মাজত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ছিকিমৰ এই বিধ্বংসী বানপানীত চাৰিজন জোৱানসহ কমেও ১৯ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে ।
ইপিনে, উদ্ধাৰ হোৱা মৃতদেহৰ ভিতৰত চাৰিজন জোৱান আৰু দুজন সাধাৰণ নাগৰিকক চিনাক্ত কৰা হৈছে। ছিকিমৰ বিভিন্ন চিকিৎসালয়ত ২৬জন আহত লোক চিকিৎসাধীন হৈ আছে।
শেহতীয়াভাৱে লাচেন আৰু লাচুঙত প্ৰায় ৩ হাজাৰ লোক আঘাতপ্ৰাপ্ত হোৱাৰ কথা উ ল্লেখ কৰি ৰাজ্যৰ মুখ্য সচিব বিজয় ভূষণ পাঠকে বৃহস্পতিবাৰে সন্ধিয়া কয়, “…তাত ৭০০-৮০০ চালক আবদ্ধ হৈ আছে। মটৰ চাইকেলেৰে তালৈ যোৱা ৩১৫০ জন লোকো তাত আবদ্ধ হৈ আছে…সেনা আৰু বায়ুসেনাৰ হেলিকপ্টাৰেৰে আমি সকলোকে উ লিয়াই আনিম।” সেনাবাহিনীৰ সহায়ত ভইচ অভাৰ ইণ্টাৰনেট কলৰ জৰিয়তে তেওঁলোকক পৰিয়ালৰ সৈতে কথা পাতিবলৈ দিয়া হৈছে বুলিও তেওঁ কয়।
লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰী সেনা শিবিৰত সহকৰ্মীৰ ওপৰত গুলীচালনা সেনা মেজৰৰ, আহত ৬ জন
এই পৰ্যন্ত মুঠ ২০১১ জন লোকক উদ্ধাৰ কৰাৰ বিপৰীতে বিদেশীকে ধৰি ৩,০০০ পৰ্যটক এই দুৰ্যোগৰ মাজতে ৰাজ্যত আবদ্ধ হৈ আছে। ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বুলেটিনযোগে প্ৰকাশ কৰা অনুসৰি প্ৰায় ২২,০৩৪ জন লোক এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
আৱদ্ধ হৈ থকা পৰ্যটকসকলক চৰকাৰে মংগনলৈকে বিমানেৰে উঠাই নিয়াৰ পৰিকল্পনা কৰিছে, তাৰ পৰা পথেৰে ছিকিমলৈ অনা হ’ব বুলি মুখ্য সচিব পাঠকে কয়। সংযোগ বিঘ্নিত, আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি আৰু প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰৰ প্ৰচেষ্টা লেহেমীয়া হৈছে।
পাঠকে লগতে কয় যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম চিংটাম চহৰৰ পানী আৰু বিদ্যুৎ সেৱাৰ পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ হৈছে। তথ্য অনুসৰি ক্ষতিগ্ৰস্ত চাৰিখন জিলা চিংটাম, মংগন, নামচি আৰু গেংটকত কেঁচা আৰু কংক্ৰিটৰ প্ৰায় ২৭৭টা ঘৰ ধ্বংস হৈছে।
লগতে পঢ়কঃ আহমেদাবাদত কিৱি ধুমুহা! বিধ্বস্ত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড
ক্ষতিগ্ৰস্ত লোকসকলক বিভিন্ন অঞ্চলৰ ২৬টা সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে য’ত তেওঁলোকক সাহায্য প্ৰদান কৰা হৈছে।
জাৰি কৰা হৈছে হেল্পলাইন নম্বৰ
ছিকিম চৰকাৰী হেল্পলাইন নম্বৰ হৈছে ০৩৫৯২-২০২৮৯২ – লেণ্ডলাইন; ০৩৫৯২-২২১১৫২ – লেণ্ডলাইন; ৮০০১৭৬৩৩৮৩ – মোবাইল; ০৩৫৯২-২০২০৪২ – ফেক্স; বা জৰুৰীকালীন সহায়ৰ বাবে ‘১১২’ ফোন কৰক।
ভাৰতীয় সেনাৰ জোৱানকে ধৰি ছিকিমত নিৰুদ্দেশ হোৱা লোকৰ পৰিয়ালৰ বাবে তিনিটা হেল্পলাইনঃ উত্তৰ ছিকিমত – ৮৭৫০৮৮৭৭৪১ ডায়েল কৰক; পূব ছিকিমৰ বাবে – ৮৭৫৬৯৯১৮৯৫; আৰু ২২ জন নিৰুদ্দেশ হোৱা সৈনিকৰ সৈতে জড়িত সোধা-পোছাৰ বাবে হেল্পলাইন নম্বৰ – ৭৫৮৮৩০২০১১।