NORTHEAST NOW (Assamese)

অবৰ্ণনীয়! তুৰস্ক-চিৰিয়াত ভূমিকম্পত মৃত্যুৰ সংখ্যা ৩৭হাজাৰলৈ বৃদ্ধি

February 14, 2023 10:08 am · এন ই নাও নিউজ, গুৱাহাটী

তুৰস্ক আৰু চিৰিয়াত হোৱা বিধ্বংসী ভূমিকম্পত নিহতৰ সংখ্যা ৩৭ হাজাৰলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত তুৰস্কত ৩১,৬৪৩ জন আৰু চিৰিয়াত ৫,০৭৪ জনৰ মৃত্যু হৈছে।

ধাৰণা কৰা হৈছে যে বহুতো লোক এতিয়াও ধ্বংসস্তূপৰ তলত সমাধিস্থ হৈ আছে। প্ৰায় ১ লাখ লোক আহত হৈছে। ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত বিধ্বস্ত অঞ্চলটোৰ উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ তলৰ পৰা হতাহত বা জীৱিত লোকসকলক উলিয়াবলৈ উদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ইপিনে, ৰাষ্ট্ৰসংঘৰ জৰুৰীকালীন সাহায্য সমন্বয়ক মাৰ্টিন গ্ৰিফিথছে দাবী কৰিছে যে তুৰস্ক আৰু চিৰিয়াত মৃত্যুৰ সংখ্যা ৫০হাজাৰ অতিক্ৰম কৰিব পাৰে।

তেওঁ কয়, “আমি এতিয়াও ধ্বংসাৱশেষৰ তলত উদ্ধাৰ অভিযান চলাই আছো। ফলস্বৰূপে, প্ৰকৃততে কিমান জন লোকৰ মৃত্যু হৈছে কল্পনা কৰা কঠিন। হয়তো সেই সংখ্যাটো দুগুণ বা অধিক।”

উল্লেখ্য যে ১৯৯৯ চনত উত্তৰ-পশ্চিম তুৰ্কীৰ মাৰমাৰাত এক শক্তিশালী ভূমিকম্প হৈছিল। সেইবাৰ কমেও ১৮ হাজাৰ লোকৰ মৃত্যু হৈছিল। যোৱা সপ্তাহত দক্ষিণ তুৰ্কীত হোৱা দুটাকৈ শক্তিশালী ভূমিকম্প ১৯৯৯ চনৰ ভূমিকম্পতকৈ তিনিগুণ শক্তিশালী আছিল।

Related News