বিজেপিৰ ভোটৰ লালসাই সৃষ্টি কৰা পৰিৱেশৰ বলি হ’ল কালিৰ নিহতসকল : দেবব্ৰত শইকীয়া

Debabrata-Saikia22

প্ৰতিনিধিত্বমূলক ছবি।

তিনিচুকীয়াৰ ধলাত সংঘটিত নৰহত্যাৰ ঘটনাক তীব্ৰ নিন্দা কৰি প্ৰবীণ কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই অভিযোগ কৰিছে যে ভোটৰ লালসাৰ বাবে অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছে।

ধলাৰ ড০ ভূপেন হাজৰিকা সেতুৰ পৰা প্ৰায় ৫ কিঃমিঃ দূৰত্বত অৱস্থিত, ধলা আৰক্ষী থানাৰ অন্তৰ্গত খেৰবাৰী গাঁৱত ১ নৱেম্বৰ বৃহস্পতিবাৰে অচিনাক্ত দুৰ্বৃত্তই এটা বিশেষ সম্প্ৰদায়ৰ ৫গৰাকী ব্যক্তিক শীতল মস্তিস্কৰে হত্যা কৰিছিল। দেবব্ৰত শইকীয়াই হত্যাকাণ্ডৰ বলি হোৱা সকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা সমবেদনা জনায়।

বোৰধী দলৰ নেতাগৰাকীয়ে বিজেপি দললৈ অভিযোগৰ আঙুলি টোৱাই কৈছে যে দলটোৰ ভোটৰ লালসাৰ বাবেই অসমত  সামপ্ৰদায়িক সংঘৰ্ষৰ বলি হৈছে নিৰীহ লোক।

শইকীয়াই সকলো সম্প্ৰদায়ৰ লোককেই এই সময়চোৱাত শান্তি বজাই ৰাখিবলৈ আৱেদন জনায়। তেওঁ আৰু কৈছে যে চৰকাৰে অসমত বাস কৰা সকলো নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব।