Cross voting ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং সন্দৰ্ভত সভাপতি ভূপেন বৰাৰ লগত যদি কিবা তথ্য আছে তেনেহ’লে ব্যৱস্থা গ্ৰহণ কৰিব লাগে- দেৱব্ৰত শইকীয়া

ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং সন্দৰ্ভত সভাপতি ভূপেন বৰাৰ লগত যদি কিবা তথ্য আছে তেনেহ’লে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে দেৱব্রত শইকীয়াই।

লগতে আইনজ্ঞৰ লগত আলোচনা কৰিহে এই সন্দৰ্ভত তেওঁৰ মন্তব্য কৰিব পাৰিম বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই।

কৰিমুদ্দিন বৰভূঞাৰ অভিযোগ সন্দৰ্ভত দেৱব্ৰত শইকীয়াই স্পষ্টীকৰণ দি কয় যে আইনী এনকাউণ্টাৰ কৰা হ’ব কৰিমুদ্দিন বৰভূঞাক।

তদুপৰি গণতন্ত্ৰ ধ্বংস কৰাৰ কাৰ্য্যসূচী আৰম্ভ হৈছে বুলিও এক মন্তব্য প্ৰকাশ কৰে দেৱব্রত শইকীয়াই।

তেওঁ কয় “অসমত আটাইতকৈ বেছি ক্ৰছ ভোটিং হোৱা বুলি মানি নলও। মুখ্যমন্ত্ৰীৰ কথা গীতাৰ বচন নহয়। মুখ্যমন্ত্ৰীয়ে বহুত মিছা কথা কয়।”

লগতে APSC কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ সমালোচনা কৰে দেৱব্ৰত শইকীয়াই। তেওঁ কয় “ব্যক্তি বিশেষক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে।ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে APSC দুৰ্নীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী উদাৰ হোৱাৰ অভিযোগ ।

NDRF ৰ পৰা পৰ্যাপ্ত পুঁজি অনাত ব্যৰ্থ হৈ মুখ্যমন্ত্ৰীয়ে পুঁজিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। সীমা সমস্যা সমাধানৰ ক্ষেত্ৰতো চৰকাৰে ফটা ঢোল কোবোৱাৰ বাহিৰে একো কাম নাই।”

তদুপৰি “নগা দুষ্কৃতিকাৰীয়ে অসম সীমান্তত প্ৰৱেশ কৰিয়েই আছে। শালি ধানৰ বাবে প্ৰয়োজনীয় সাৰ যোগানতো ব্যৰ্থ চৰকাৰ। কেৱল বিজ্ঞাপনতে সীমাবব্ধ হৈছে চৰকাৰ।

চোৱাইন ফ্লুৰ নামত ৰাইজক মাধমাৰ শোধাইছে” শইকীয়াই কয়।