NORTHEAST NOW (Assamese)

ঋণৰ ওপৰত নিৰ্ভৰশীল নির্বাচনমুখী বাজেট : ক’ৰ পৰা আহিব বাজেটত ধাৰ্য্য কৰা পুঁজি? – ডা° ভবেন চৌধুৰী

March 10, 2025 4:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 10, 2025 4:31 pm

২০২৫-২৬ ৰ বাবে বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰা বাজেটখনে অসমৰ জনগণক নিজৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত কোনো সঠিক পথৰ সন্ধান দিব নোৱাৰিলে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে নাই কোনো সবল পদক্ষেপ, নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো সুদুৰপ্ৰসাৰী আঁচনিৰ উল্লেখ নাই, কৃষকৰ সমস্যা সমাধানৰ বাবে কোনো বিস্তৃত পৰিকল্পনা নাই। মুঠতে আজিৰ বাজেটখন হিতাধিকাৰী সৃষ্টি কৰা তথা নির্বাচনমুখী এখন গতানুগতিক বাজেটহে বুলি উল্লেখ কৰিছে আম আদমি পার্টীয়ে।

আজিৰ বাজেটক লৈ আপ, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে বাজেটত ধাৰ্য্য কৰা ১ লাখ ৫৫ হাজাৰ ৮৯৫ কৌটি টকাৰ উৎস কি বুলি চৰকাৰক প্ৰশ্ন উত্থাপন কৰি কয় যে চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে উন্নয়নৰ নামতহে ঋণ লৈছে। যদিও তথ্যই কয় যে চৰকাৰে মূলধনী ব্যয়তকৈ ৰাজ ব্যয়তহে অত্যাধিক গুৰুত্ব আৰোপ কৰিছে। চৰকাৰখনে উৎপাদনশীল কাম ব্যয় বৃদ্ধি কৰাৰ পৰিৱৰ্তে হিতাধিকাৰী সৃষ্টি আৰু ব্যয়ত অধিক গুৰুত্ব প্রদান কৰিছে। যি ৰাজ্যখনৰ অৰ্থনৈতিক ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয় বুলি ডাঃ চৌধুৰীয়ে অভিহিত কৰে।

ডাঃ ভবেন চৌধুৰীয়ে পুনৰ কয় যে আজিৰ বাজেটে অসমৰ আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰিব পৰাকৈ গ্রহণ কৰা কোনো দিক্‌দর্শী বাজেট নহয়। ই সম্পূৰ্ণৰূপে বাস্তৱবিমুখ, ঋণ নিৰ্ভৰশীল আৰু সাধাৰণ মানুহক মূল্যবৃদ্ধি, মুদ্রাস্ফীতি, ক্ৰম ক্ষমতা হ্রাস আদিৰ পৰা একেবাৰে সকাহ দিব নোৱাৰা বাজেট।আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে আজিৰ বাজেট সমস্যাৰে জৰ্জৰিত জনসাধাৰণৰ বাবে নিৰাশজনক আৰু দূৰদৃষ্টিহীন বাজেট বুলি উল্লেখ কৰিছে।

Related News