সোনা উল্লাহৰ অন্তৰ্ৱৰ্তী জামিন মঞ্জুৰ : অচিৰেই মুকলি আকাশৰ তললৈ

Sona-Ullah-750x375The Indian Army unit at Guwahati’s Narengi area, (Sub Area 51) stands by the Ex Service Man Md. Sona Ullah (ESM) and offers all help to his family

“ঘোষিত বিদেশী” হিচাপে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা প্ৰাক্তন সেনা বিষয়া তথা অসম আৰক্ষীৰ সীমান্ত শাখাৰ প্ৰাক্তন উপ-পৰিদৰ্শক সোনা উল্লাহৰ অন্তৰ্ৱৰ্তী জামিন আৱেদন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

আজি জামিন আৱেদনৰ শুনানি আছিল আৰু আদালতখনে পলমকৈ ঘোষণা কৰা ৰায়টোৱে প্ৰাক্তন সেনা বিষয়াজন মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত কৰিলে, নৰ্থ-ইষ্ট নাওক জনালে সোনা উল্লাহৰ অধিবক্তা ছহিদুল ইছলামে।

কিছু সময়ৰ পূৰ্বে আদালত চৌহদত সোনা উল্লাহৰ আন এজন অধিবক্তাই জনাইছিল যে শুনানি সম্পূৰ্ণ হৈছে যদিও আদালতে ৰায়টো সংৰক্ষণ ৰাখিছে আৰু সন্ধিয়ালৈ অনলাইনত ইয়াক উপলব্ধ হ’ব পাৰে। কিন্তু তাৰ এক ঘণ্টামানৰ পিছতে জামিন মঞ্জুৰ হোৱাৰ কথা সোনা উল্লাহৰ অধিবক্তা অৱগত হয়।

আনহাতে তদন্তকাৰী আৰক্ষী বিষয়া চন্দ্ৰমল দাসৰ লগতে গোচৰটোত জড়িত অসম চৰকাৰ, প্ৰতিৰক্ষা মন্ত্ৰ্যালয়, কেন্দ্ৰীয় চৰকাৰ, এন আৰ চি কৰ্তৃপক্ষলৈও জাননী জাৰি কৰিছে বুলি অধিবক্তা বুৰানোৰ ৰহমানে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে।

উল্লেখযোগ্য যে বিদেশী ন্যায়াধিকৰণৰ আদেশ মৰ্মে অসম আৰক্ষীয়ে ২৮ মে’ত কামৰূপ জিলাৰ বকোৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল সোনা উল্লাহক।

অসমৰ কামৰূপ জিলাৰ বকো অঞ্চলৰ কলাহিক্লেশ্ব গাৱঁত ১৯৬৭ চনত জন্ম গ্ৰহণ কৰা সোনা উল্লাহে ভাৰতীয় সেনাত ৩০ বছৰ ধৰি কাম কৰিছিল আৰু অনাৰেৰি কেপ্টেইন হিচাপে ২০১৭ চনত অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ পিছতো তেওঁ অসম আৰক্ষীৰ সীমান্ত শাখাত উপ-পৰিদৰ্শক হিচাপে কাম কৰি আছিল ঘোষিত বিদেশী হিচাপে গ্ৰেপ্তাৰ হোৱাৰ আগলৈকে।

আজি সোনা উল্লাহৰ হৈ আদালত উপস্থিত আছিল জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়ছিং, অধিবক্তা বুৰানোৰ ৰহমান আৰু অধিবক্তা আমন ৱাদুদ। পদকীয়াৰ পক্ষৰ উপস্থিত আছিল অধিবক্তা য়ু কে নায়াৰ।