জামিন লাভ কৰিলে ২৬ জানুৱাৰীত লালকিল্লা কাণ্ডৰ অন্যতম অভিযুক্ত অভিনেতা দীপ সিদ্ধুৱে

জামিন লাভ কৰিলে লালকিল্লাত হিংসা বিয়পোৱাৰ অভিযোগত অভিযুক্ত অভিনেতা দীপ সিদ্ধু।

কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰণয়ন কৰা কৃষি আইন তিনিখনৰ বিৰোধিতাৰে প্ৰতিবাদী কৃষক সংগঠনসমূহে চলিত বৰ্ষৰ ২৬ জানুৱাৰীত দেশৰ ৰাজধানী দিল্লীত ট্ৰেক্টৰ ৰেলী আয়োজন কৰিছিল।

উক্ত ট্ৰেক্টৰ ৰেলীত দিল্লীৰ লালকিল্লাত কৃষকসকলৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লয়।

প্ৰতিবাদত জাতীয় পতাকাৰো অৱমাননা কৰি হয় বুলি অভিযোগ উঠে।

এই হিংসাত্মক পৰিস্থিতিক পঞ্জাৱৰ অভিনেতা দীপ সিদ্ধুৱে উদগণি যোগোৱাৰ অভিযোগ উঠে।

গোচৰ ৰুজু হোৱাৰ পাছতে তেওঁ কিছুদিন নিখোঁজ হৈ উঠে।

এই সময়ছোৱাত কোনো অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমযোগে তেওঁৰ উপৰত উঠা অভিযোগসমূহ অস্বীকাৰ কৰিছিল।

তেওঁ প্ৰশ্ন কৰিছিল যে গণৰাজ্য দিৱসত লালকিল্লাত ৬ লাখ লোক উপস্থিত আছিল, অথচ কাকো অভিযুক্ত নকৰি তেওঁক কিয় কাঠগড়াত তোলা হৈছে?

৯ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ কাৰনলৰ পৰা তেওঁক আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে আটক কৰাৰ প্ৰায় আঢ়ৈ মাহৰ অন্তত তেওঁক জামিন প্ৰদান কৰা হয়।

দিল্লীৰ এখন আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে।

জামিন প্ৰদান কৰোতে ২৬ জানুৱাৰীৰ ঘটনা সম্পৰত তদন্তকাৰী সংস্থাৰ স’তে তেওঁক সহযোগ কৰিবলৈ নিৰ্দেশ দিয়া হয়।

উল্লেখযোগ্য যে দীপ সিদ্ধুৰ স’তে থকা সহযোগী কেইবাজনো প্ৰতিবাদকাৰীৰ উপৰত গোচৰ ৰুজু হৈছিল।

বহুকেইজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।

তেওঁলোকৰ ওপৰত দিল্লী আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।