বোকাখাতৰ লখৌজানত খুটিয়া পহু উদ্ধাৰ: চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু

deerr

বোকাখাতৰ সমীপৰ লখৌজানত আজি পুৱা বেলাতে এটা ছাগলী পহুৰ আবিৰ্ভাৱ হয় ৷

মানুহৰ হাতৰ পৰা ৰক্ষা পাবৰ বাবে পহুটোয়ে গৈ লখৌজানৰ ননী গোপাল ৰাজখোৱাৰ বাসগৃহৰ চৌহদত প্ৰৱেশ কৰে ৷

মানুহৰ হাতৰ পৰা প্ৰাণৰক্ষা কৰি পহুটোয়ে ননী ৰাজখোৱাৰ চৌহদৰ বেৰ পাৰহৈ গোঁসাই ঘৰত আশ্ৰয় লয় ৷

ননী ৰাজখোৱাৰ পৰিয়ালে বন বিভাগক খবৰ দিয়াত কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী  পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ  উদ্ধাৰকাৰী দলে পশু চিকিৎসক ডা৹ চামচুল আলীৰ নেতৃত্বত চেতনানাশক প্ৰয়োগ কৰি পহুটোক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে কেন্দ্ৰলৈ লৈ যায় ৷

মূৰত পোৱা গভীৰ আঘাতৰ বাবে  বাটতে পহুটোৰ মৃত্যু হয় ৷

গোঁসাই ঘৰত আৱদ্ধ পহু দৰ্শনৰ বাবে সমাগম হোৱা মানুহৰ উপস্থিতিত উদ্ধাৰ পাবৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পহুটোৱে কোঠাৰ বেৰ আৰু ৰেলিঙত খুন্দা মৰাৰ বাবে আহত হয় ৷

ফলত পহুটোৰ মুখমণ্ডলৰ হাঁড় আৰু দাঁতো ভাঙি প্ৰচুৰ ৰক্তক্ষৰণ হয় ৷ যাৰ বাবেই পহুটোৰ মৃত্যু হোৱা বুলি জনায় বন্যপ্ৰাণী  পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসকে  ৷