NORTHEAST NOW (Assamese)

বোকাখাতৰ বংকোৱাল নামটেমেৰাত পহু উদ্ধাৰ; বন বিভাগক অৰ্পণ

April 9, 2020 8:22 pm · উত্তম শইকীয়া

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত বিচৰণ কৰি ফুৰা এজনী মাইকী পহুক আজি বিয়লি বোকাখাত মহকুমাৰ বংকোৱালৰ সমীপৰ নামটেমেৰা গাঁৱত স্থানীয় লোকে কৰায়ত্ত কৰে। পহুজনীক ব্ৰহ্মপুত্ৰ নদীৰ দিশৰ পৰা কোনো লোকে খেদি অনা প্ৰত্যক্ষ কৰি গাঁওখনৰ যুৱক গৌৰীশংকৰ বৰিয়ে কৰায়ত্ব কৰে।

পিছত যুৱকজনে বন বিভাগক অৱগত কৰাত বোকাখাত বন সংমণ্ডলৰ বনকৰ্মীয়ে পহু জনীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

পহুজনী সম্প্ৰতি সুস্থ অৱস্থাতে আছে বুলি জানিব পৰা গৈছে আৰু অচিৰে বনত মুকলি কৰি দিব পৰা যাব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ।

ইফালে কাজিৰঙাৰ পৰা ২৪ ফেব্ৰুৱাৰীতেই ওলাই যোৱা গঁড়টো আজি বিয়লি ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ মহপৰা চাপৰিত আছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বিগত এটা মাহ এই গঁড়টোয়ে ব্ৰহ্মপুত্ৰৰ বিভিন্ন চাপৰিত বিচৰণ কৰি ফুৰিছে। গঁড়টোক কাজিৰঙালৈ ওভতাই আনিবৰ বাবে দিনে ৰাতিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে বন বিভাগে।

Related News