কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু

পার্থ প্রতীম মহন্তৰ বিৰুদ্ধে অভিযোগ তুলি ছচিয়েল মিডিয়াত ‘মানহানিকৰ’ বিভিন্ন ‘আপত্তিজনক’ ভিডিঅ’ আপলোড কৰাৰ অভিযোগত জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী, তেওঁৰ স্বামী পাৰভেজ খান, তেওঁৰ মাতৃ আৰু ভগ্নীৰ বিৰুদ্ধে এক মানহানিৰ গোচৰ ৰুজু কৰা হৈছে।

বাংগালোৰৰ এটা বহুজাতিক কোম্পানীত কৰ্মৰত মহন্তই গায়িকা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে।

মহন্তই অভিযোগ কৰে যে ২০১৯ চনৰ পৰা পাটোৱাৰীয়ে সমাজত তেওঁৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ ফেচবুক, হোৱাটছএপ আৰু ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মানহানিকৰ সমল থকা বিভিন্ন ভিডিঅ’ আপলোড কৰি আহিছে।

লগতে পঢ়ক: স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো বাঁহৰ দলঙেই যাতায়তৰ মাধ্যম; কেতিয়া হ’ব ‘সবকা সাথ সবকা বিকাশ’?

তেওঁ কয় যে পাটোৱাৰীয়ে ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা সামাজিক মাধ্যমত বাৰে বাৰে এই কাৰ্যকলাপ কৰি আহিছে।

“বাংগালোৰত হোৱা এক ডাঙৰ হাৰ্ট এটেকৰ ফলত মোৰ পত্নীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পিছত ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা কল্পনা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালে মোৰ নাবালিকা ছোৱালীজনীক (বৰ্তমান ১০ বছৰ) জোৰকৈ লগত ৰাখিছে। পৰিয়ালটোৱে মোৰ বিৰুদ্ধে যোৱা ৩ বছৰ ধৰি মোৰ নাবালিকা ছোৱালীজনীৰ ব্ৰেইনৱাছ কৰিছে যাতে তাই আদালতত ভুল ভাষ্য দিব পাৰে। মই ইতিমধ্যে দিচপুৰ আৰক্ষী থানাত কল্পনা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অপহৰণৰ এজাহাৰ দাখিল কৰিছো,” মহন্তই কয়।

লগতে পঢ়ক: পেটৰ সমস্যাৰ বাবে ধন দিবলৈ অস্বীকাৰ বীমা কোম্পানীৰ; কাৰ্যালয়ৰ বাহিৰত বমি কৰি প্ৰতিবাদ মহিলাৰ

মহন্তৰ দাবী, “কল্পনা পাটোৱাৰীৰ মাতৃ জয়মতী পাটোৱাৰীয়ে (৭০) মোক হাৰাশাস্তি কৰাৰ বাবে ২০১৯ চনৰ ছেপ্টেম্বৰত গুৱাহাটীৰ পাৰিবাৰিক আদালতত অভিভাৱকত্বৰ আবেদন দাখিল কৰিছিল। তেওঁলোকে পাৰিবাৰিক আদালতৰ আদেশ অনুসৰণ কৰা নাছিল আৰু মোক মোৰ নাবালিকা ছোৱালীজনীক লগ কৰিবলৈ অনুমতি দিয়া নাছিল। কল্পনা পাটোৱাৰীৰ পৰিয়ালৰ দ্বাৰা আদালতৰ আদেশ অনুসৰণ নকৰাটো এটা অতি গুৰুতৰ চিন্তাৰ বিষয়। কল্পনা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালৰ মূল উদ্দেশ্য হৈছে মোৰ নাবালিকা ছোৱালীজনীক মোৰ পৰা পৃথক কৰা।”

মহন্তৰ মতে তেওঁ আৰু তেওঁৰ ছোৱালীজনী কল্পনা পাটোৱাৰী আৰু তেওঁৰ স্বামী পাৰভেজ খানে ৰচনা কৰা ‘ষড়যন্ত্ৰ’ৰ বলি হৈছে।