NORTHEAST NOW (Assamese)

শুকুৰবাৰে অৰুণাচললৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

November 13, 2019 6:42 pm · এন ই নাও নিউজ
ৰাজনাথ সিং

চিচাৰি নদীৰ ওপৰৰ নৱনিৰ্মিতি দলং মুকলি কৰাৰ বাবে শুকুবৰাবে অৰুণাচল প্ৰদেশত উপস্থিত হ’ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰপোৰেশ্যনে নিৰ্মাণ কৰা দলংখন শুকুৰবাৰে ৰাজনাথ সিঙে উদ্বোধন কৰাৰ পৰৱৰ্তী সময়ত পৰীক্ষা মূলকভাৱে যান-বাহন চলাচলৰ পাছতে জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ’ব।

আনহাতে, উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত পূব চিয়াঙৰ জিলা উপায়ুক্ত কিন্নি সিঙে কয় যে শুকুৰবাৰে চিচাৰি দলং হৈ পাচিঘাট-ৰোয়িং পথছোৱা ৰাতিপুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ বন্ধ কৰা হ’ব।

‘‘এম্বুলেঞ্চ আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য সকলো যান-বাহনৰ চলাচল উক্ত সময়ছোৱাত বন্ধ ৰখা হৈছে,’’ উপায়ুক্ত গৰাকীয়ে কয়।

‘‘যাত্ৰী সকলক উক্ত দিনা বিকল্প পথা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰা হৈছে,’’ তেও লগতে কয়।

নৱ নিৰ্মিত দলংখনে পূব চিয়াঙৰ অ’হালিক নামনি দিবাং উপত্যকাৰ সৈতে সংযুক্ত কৰিব।

আনহাতে, দলংখন উদ্বোধন হোৱাৰ পাছত অঞ্চলটোত যোগাযোগ ব্যৱস্থা অধিক উন্নত হৈ পৰিব বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে।

Related News