NORTHEAST NOW (Assamese)

মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী

September 16, 2024 4:38 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: September 16, 2024 4:20 pm

ডিফেন্স ৰিচাৰ্চ লেবৰেটৰী (ডি আৰ এল), ডি আৰ ডি অতেজপুৰে ২০২৪ চনৰ ১৩ ছেপ্টেম্বৰত মিছামাৰী সামৰিক ষ্টেচনত এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে।এই প্ৰশিক্ষণত “আইৰন ৰিমুভেল ইউনিট (আই আৰ ইউ) আৰু ডি আৰ ডি অৱাটাৰ টেষ্টিং কিট”ৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয় ।

প্ৰশিক্ষণ কাৰ্যসূচীৰ জড়িয়তে শোণিতপুৰ জিলাৰ দুৰ্গম অঞ্চলত নিয়োজিত সেনাবাহিনীৰ  কৰ্মীসকলক পানী বিশুদ্ধকৰণৰ বিষয়ে সচেতন কৰাৰ চেষ্টা কৰা হয়। 

প্ৰশিক্ষণ কাৰ্যসূচীত  পানী বিশুদ্ধকৰণৰ ব্যৱহাৰিক দিশৰ বিষয়ে গভীৰভাবে আলোকপাত কৰা হয়।প্ৰশিক্ষণ কাৰ্যসূচীত ডি আৰ এলৰ বিজ্ঞানীসকলে আইৰন ৰিমুভেল ইউনিট (আই আৰ ইউ)ৰ  স্থাপন, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বিষয়ে এক সম্যক আভাস আগবঢ়ায়।

এই কাৰ্যসূচীত  আইৰন ৰিমুভেল ইউনিটৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি)ৰ বিষয়েও বিস্তৃত প্ৰশিক্ষণ তথা  ডি আৰ ডি অ’ ৱাটাৰ টেষ্টিং কিটৰ ব্যৱহাৰ হাতে কামে প্ৰদৰ্শন কৰা হয়।

এই কিটে আইৰণ, আৰ্ছেনিক, ফ্ল’ৰাইড, আৰু বেক্টেৰিয়াৰ দৰে বিপজ্জনক পানী প্ৰদূষক পদাৰ্থকে ধৰি ১১টা জটিল প্ৰদূষক ধৰা পেলাব পাৰে, যিবোৰ খালী চকুৰে দেখা নাযায় যদিও সেইবোৰে স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে।

অধিৱেশনত ১৫টাতকৈও অধিক ইউনিটৰ বহু সংখ্যক সেনা জোৱান উপস্থিত থাকে।

Related News