NORTHEAST NOW (Assamese)

সুখৱৰ! ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং পাটকাই অভয়াৰণ্য

December 14, 2020 1:00 pm · এন ই নাও নিউজ

অসমৰ বাবে আৰু এটা সুখৱৰ, বিশেষকৈ পৰিৱেশপ্ৰেমীসকলৰ বাবে। ৰাজ্যপালৰ অনুমোদনৰ পাছত বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যই লাভ কৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি। ইয়াৰ ফলত অসমত এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৬খনলৈ বৃদ্ধি পালে।

চলিত বর্ষৰ মে মাহত অবৈধ কয়লা খননৰ বাবে  দিহিং পাটকাই বিশেষ চৰ্চাৰ মাজলৈ আহিছিল। সামাজিক গণ মাধ্যমত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰো উঠিছিল। আনকি দেশ-বিদেশতো অভয়াৰণ্যখনক লৈ পৰিৱেশ কৰ্মীসকল সৰৱ হৈ পৰিছিল।

ইয়াৰ পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিহিং পাটকাই অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছিল।

প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ হিচাপে পৰিচিত অভয়াৰণ্যখনৰ জৈৱ বৈচিত্ৰ্যৰ বৈশিষ্ট্যসমূহ অটুট ৰাখি ইয়াৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বন বিভাগক নিৰ্দেশ দিছিল।

উল্লেখ্য যে ২০০৪ চনৰ ১৩ জুনত দিহিং পাটকাইৰ ১১১.১৯ বৰ্গকিলোমিটাৰ অংশই অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল। দিহিং পাটকাইৰ মুঠ মাটিকালি হৈছে ৫৭৫ বৰ্গকিলোমিটাৰ।

Related News