NORTHEAST NOW (Assamese)

লখিমপুৰৰ দিজু টী ইষ্টেট হস্পিটেললৈ শ্ৰেষ্ঠ বাগানীয়া চিকিৎসালয়ৰ সন্মান

December 11, 2018 4:55 pm · ফাৰহানা আহমেদ

লখিমপুৰৰ দিজু টী ইষ্টেট হস্পিটেল সমগ্ৰ অসমৰ ভিতৰতে সৰ্বোৎকৃষ্ট চাহ বাগানীয়া চিকিৎসালয় হিচাপে পৰিগণিত হৈছে। এই চিকিৎসালয়খনক যোৱা ২৩ নৱেম্বৰত ইতিমধ্যে অসম চৰকাৰে সৰ্বোত্তম চাহ বাগান চিকিৎসালয়ৰ বঁটা প্ৰদান কৰিছিল।

গুডৰিক ইণ্ডিয়াৰ মালিকানাধীন দিজু চাহ বাগান অসম-অৰুণাচল সীমান্তৰ প্ৰাকৃতিক শোভাৰ মাজত ৰঙানদীৰ পাৰত অৱস্থিত। চাহ বাগানখনৰ জ্যেষ্ঠ সঞ্চালক জ্যোতিৰ্ময় কাকতীয়ে এই চাহ বাগানখনৰ কৰ্মচাৰী, শ্ৰমিক আৰু পৰিৱেশ উন্নীত কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে দীৰ্ঘ দিন ধৰি মনোযোগৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

দিজু চাহ বাগানত থকা চিকিৎসালয়খনত ৩০ খন বিচনা আছে। চিকিৎসালয়খন পৰিচালনা কৰে এগৰাকী চিকিৎসক, ২গৰাকী নাৰ্ছ, এগৰাকী ফাৰ্মাচিষ্ট, এগৰাকী লেবৰেটৰী টেকনিচিয়ান আৰু পেৰামেডিকেল ষ্টাফে।

চিকিৎসালয়খনে দিজু চাহ বাগান আৰু ইয়াৰ আশ-পাশৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত বাস কৰা ৬,০০০ লোকলৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে।

এসময়ত মেলেৰীয়াৰ প্ৰাদূৰ্ভাৱৰ বাবে কুখ্যাতি অৰ্জন কৰা এই চাহ বাগানখনত বিগত ৪ বছৰৰ পৰা মেলেৰীয়াৰ কোনো নথি লিপিবদ্ধ হোৱা নাই। এয়া সম্ভৱপৰ হৈছে বাগানখনৰ কৰ্তৃপক্ষৰ উদ্যোগত বাগানখনৰ শ্ৰমিক আৱাসিক এলেকাত নেৰানেপেৰাকৈ মেলেৰীয়া প্ৰতিৰোধী অভিযান চলাই থকাৰ বাবে এয়া সম্ভৱপৰ হৈছে।

বিগত ৩ বছৰ ধৰি বাগানখনত শিশু আৰু মাতৃৰ মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। তাৰোপৰি, জিলা স্বাস্থ্য বিভাগৰ সহযোগত বাগান কৰ্তৃপক্ষই নিয়মিতভাৱে  স্বাস্থ্য, অনাময়, আৰু স্বাস্থ্য-সন্মত খাদ্যাভ্যাসৰ ওপৰত সজাগতা সভাৰ আয়োজন কৰি অহা হৈছে।

এই কাৰ্যসূচীসমূহে ইতিবাচক ফলাফল দেখুৱাইছে, কাৰণ দিজু চাহ বাগানত বিগত কেইবছৰত কোনো মহামাৰীয়ে দেখা দিয়া নাই।

উল্লেখ্য যে যোৱা ২৩ নৱেম্বৰত শোণিতপুৰ জিলাৰ ৰঙাপৰা আয়োজিত শ্ৰমিক কল্যাণ দিৱসৰ দিনা   দিজু টী ইষ্টেট হস্পিটেলে সৰ্বোত্তম চাহ বাগান চিকিৎসালয় বঁটা লাভ কৰিছিল। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিছিল চাহ বাগানখনৰ সঞ্চালক জ্যোতিৰ্ময় কাকতীয়ে।

Related News