NORTHEAST NOW (Assamese)

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক-সেৱক নৱজিৎ দাস পাঠকৰ দেহাৱসান

August 25, 2020 10:26 am · পুলেন্দ্র দাস
বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক আৰু সেৱক নৱজিৎ দাস পাঠক। ফাইল ফটো

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক আৰু সেৱক নৱজিৎ দাস পাঠক আৰু নাই ৷

যোৱা নিশা প্ৰায় ২:৩০ বজাত নিজ বাসগৃহত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ডেকা সত্ৰীয়া গৰাকীৰ এক অষ্ট্ৰোপচাৰ সম্পন্ন কৰি তেখেতক চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ অনা হৈছিল ৷

কিন্তু যোৱা নিশা স্বাস্থ্যৰ অৱনতি ঘটি নিজ গৃহতে শেষ নিশ্বাস ত্যাগ কৰে ডেকা সত্ৰীয়া গৰাকীয়ে ৷

ডেকা সত্ৰীয়া গৰাকীৰ বৈকুণ্ঠগামী হোৱাৰ খৱৰ প্ৰচাৰ হোৱাৰ লগে লগে বৰপেটা চহৰত শোকৰ ছাঁ পৰে ৷

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিত দাস পাঠকৰ পৰলোকপ্ৰাপ্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোকপ্ৰকাশ কৰিছে।

থিয়নামৰ পাঠক হিচাপেও বিখ্যাত ডেকা সত্ৰীয়া গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷

একেদৰে ডেকা সত্ৰীয়া গৰাকীৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছে বৰপেটা সত্ৰ পৰিচালনা সমিতি, বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ৷

Related News