NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজাৰ বাবে ঢেকীয়াখোৱা বৰনামঘৰৰ অসম চৰকাৰলৈ ১ লাখ টকাৰ অনুদান

March 28, 2020 9:07 pm · নিৰ্মলেন্দু পাঠক

সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে অসম চৰকাৰক সহায়ৰ হাত আগবঢ়াইছে টীয়কৰ লাহদৈগড় স্থিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে।

মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত টীয়কৰ লাহদৈগড় স্থিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে আজি সম্ভাৱ্য বিত্তীয় দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ সহায় হোৱাকৈ অসম চৰকাৰৰ ক’ৰ’না ভাইৰাচৰ সাহাৰ্য পুঁজিলৈ ১ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।

যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি এই অনুদান আগবঢ়োৱা হয়। আজি ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে টীয়কৰ সংবাদ মাধ্যমক এই কথা অৱগত কৰে।

উল্লেখযোগ্য যে ভাৰতত এই পৰ্যন্ত ক’ৰ’না ভাইৰাছত ৯০০তকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ২০ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে।

Related News