NORTHEAST NOW (Assamese)

কাজিৰঙাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বিশেষ প্ৰতিনিধি সভা

September 23, 2018 11:43 pm · উত্তম শইকীয়া
কাজিৰঙাৰ কহৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বিশেষ প্ৰতিনিধি সভা।

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ আজি অনুষ্ঠিত হোৱা বিশেষ প্ৰতিনিধি সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষত বসবাস কৰা ৰাইজৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে ৰাজ্য চৰকাৰক এহাজাৰ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ দাবী জনায় প্ৰতিনিধিসকলে।

কাজিৰঙাৰ কহৰাত অবস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ আতিথ্যত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ  কেন্দ্ৰীয় সমিতিৰ  সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সভাপতিত্বত ৰাজ্যখনৰ যোৰহাট, শিৱসাগৰ , দৰং , উদালগুৰি,  কাৰ্বি আংলং আদি কৰি প্ৰায় ১৮খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত সন্থাৰ সংবিধান সংশোধন সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞলত ইক’-ছেনছিটিভ জ’ন আৰু  ন’ ডেভেলপমেন্ট জ’নৰ দূৰত্ব হ্ৰাস কৰা, কাজিৰঙাত সাংবাদিকসকলৰ বাবে অতিথি গৃহ নিৰ্মাণ কৰা, প্ৰতিখন মহাবিদ্যালয়ত যোগাযোগ পাঠ্যক্ৰম আৰম্ভ কৰা,  মাজাঠিয়া আয়োগৰ মতে সকলো সাংবাদিকক দৰমহা দিয়াৰ ব্যৱস্থা কৰা আৰু ৰাজ্যখনৰ সকলো বিশেষকৈ মফচলীয সাংবাদিকক চৰকাৰী পৰিচয় পত্ৰ প্ৰদান কৰাৰ দাবী উত্থাপন কৰি আজি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

এই দাবীসমূহ ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ লগতে প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব বুলি সম্পাদক ৰাতুল বৰাই জানিবলৈ দিয়ে।

আজিৰ এই বিশেষ প্ৰতিনিধি সভাখন গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয়ে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে।

অন্যহাতে আজি অনুষ্ঠানৰ পূৰ্বে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ তৰফৰ পৰা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয সমিতিৰ সমূহ বিষয়ববীয়াক একোখনকৈ গামোচা আৰু এটাকৈ কঠেৰে নিৰ্মিত গঁড়ৰ স্মাৰকেৰে আদৰণি জনোৱা হয়। অনুষ্ঠানত কাজিৰঙা সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বৰগীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Related News