দেশৰ ৰাজধানী চহৰ দিল্লীত ভয়াৱহৰূপত বৃদ্ধি পাইছে প্ৰদূষণ। চহৰখনত প্ৰদূষণৰ মাত্ৰা সূচাংক AQI ৩৫০ লৈ অৱনমিত হোৱাৰ ফলত দিল্লী পাকিস্তানৰ লাহোৰৰ পিছতে বিশ্বৰ দ্বিতীয় আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে।
যোৱা ২৪ অক্টোবৰৰ পৰা দিল্লীত বায়ুৰ মানদণ্ড অধিক অৱনতি হ’বলৈ আৰম্ভ কৰিছিল। এই সময়চোৱাত অঞ্চলটোত AQI ‘নিম্ন’ৰ পৰা ‘অতি নিম্ন’ শ্ৰেণীলৈ নামি আহিছিল।
দীপাৱলীৰ পিছতে দিল্লীৰ প্ৰদূষণ অধিক ভয়াৱহ হৈ পৰে। দীপাৱলীৰ এদিন পিছত অৰ্থাৎ ২৫ অক্টোবৰত দিল্লীৰ ২৪ ঘণ্টাৰ গড় বায়ু মানদণ্ড সূচক, AQI আছিল ৩১২।
বায়ুৰ গুণগত মানদণ্ড আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা প্ৰণালী (SAFAR) অনুসৰি, দিল্লীত বায়ু প্ৰদূষণৰ ৪৬ শতাংশ শীতকালৰ সময়চোৱাত শস্যৰ অৱশিষ্ট অংশ জ্বলোৱাৰ ফলত হয়। বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়ানাত শস্যৰ অৱশিষ্ট অংশ জ্বলোৱাৰ প্ৰকোপ বেছি হোৱাৰ ফলত ইয়াৰ প্ৰভাৱ দিল্লীত পৰিছে।
চলিত বৰ্ষত দিল্লী চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ ৰখাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে এক বিশেষ টাস্কফৰ্চো গঠন কৰিছে। তদুপৰি দেৱালীৰ সময়ত আতচবাজী ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল দিল্লী চৰকাৰে।
উল্লেখ্য যে বায়ু মানদণ্ড সূচক ‘AQI’- অনুসৰি ০-৫০ লৈ ভাল, ৫১-১০০ লৈ মধ্যমীয়া, ১০১-১৫০ লৈ সংবেদনশীল গোটৰ বাবে অস্বাস্থ্যকৰ, ১৫১-২০০ লৈ সকলো গোটৰ বাবে অস্বাস্থ্যকৰ হিচাপে, ২০১-৩০০ লৈ অতি অস্বাস্থ্যকৰ আৰু ৩০১-৫০০ লৈ মানৱ স্বাস্থ্যৰ বাবে বিপদজনক বুলি গণ্য কৰা হয়।