ওলমি থকা অৱস্থাত উদ্ধাৰ বিজেপি নেতাৰ মৃতদেহ, ক’ত?

Bawa

দেশৰ কেইবাখনো ৰাজ্যত নিৰ্বাচনৰ খদমদম চলি থকাৰ সময়তে এগৰাকী বিজেপি নেতাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত ওলমি থকাৰ কথাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দিল্লী বিজেপিৰ শীৰ্ষ নেতা গুৰবিন্দৰ সিং বাৱাৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে দিল্লীৰ এখন পাৰ্কৰ ভিতৰত।

৫৮ বছৰীয়া বিজেপি নেতা জনৰ মৃতদেহ পশ্চিম দিল্লীৰ সুভাষ নগৰৰ পাৰ্ক খনৰ ভিতৰত উদ্ধাৰ হৈছে।

পাৰ্ক খনৰ এখন ৰেলিঙত ওলমি আছিল নেতা জনৰ মৃতদেহ।

পাৰ্কলৈ অহা লোকে আজি পুৱা মৃতদেহটো দেখা পাই লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চমজি লয়।

প্ৰাথমিক তদন্তৰ পৰা আৰক্ষীয়ে বিজেপি নেতাজনক হত্যা কৰাৰ সন্দেহ কৰিছে।

পাৰিবাৰিক কাৰণতে বাৱা হত্যাৰ বলি হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

অৱশ্যে তদন্তৰ পিছতহে সকলো কথা পোহৰলৈ আহিব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মৃতদেহৰ কাষত কোনো আত্মহত্যাৰ টোকা উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

মৃত নেতাগৰাকী পশ্চিম দিল্লী বিজেপিৰ নেতা আছিল ।

বিজেপি নেতা জনৰ মৃতদেহ পাৰ্কৰ ভিতৰত ৰহস্যজনক ভাবে উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ ৰাজধানী চহৰ খনতে চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।