দিল্লীত পুনৰ অপাৰেছন লোটাছৰ কুচকাৱাজ বিজেপিৰ! আজি সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুক

ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মু। ফাইল ফটো।

দিল্লীত পুনৰ বিজেপিয়ে ইয়াৰ অপাৰেছন লোটাছ সফল কৰি তুলিবলৈ তৎপৰ হৈ পৰিছে। আস্থা ভোটত জয়ী হ’ব নোৱাৰি এইবাৰ বিজেপিৰ বিধায়কসকলে ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ কৰি কেজৰিৱালৰ চৰকাৰ ভংগৰ দাবী জনাব। আজি বিজেপিৰ বিধায়কসকলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব।

বিজেপিৰ বিধায়ক সকলে দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ উলংঘনৰ অভিযোগত কেজৰিৱালৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিক এখন স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে অৰবিন্দ কেজৰিৱালে বিজেপিক প্ৰত্যাহ্বান জনাই দিল্লী বিধানসভাত ১ ছেপ্টেম্বৰত সহজে আস্থা ভোটত জয়লাভ কৰিছিল। ৭০ জনীয়া দিল্লী বিধানসভাত আস্থা ভোটত প্ৰায় ৫৮ জন বিধায়কে আপৰ সমৰ্থনত ভোট দান কৰিছিল। কেজৰিৱালৰ দলত মুঠ ৬২ জন বিধায়ক আছে। বিজেপিয়ে আস্থা ভোটত ৮ জন বিধায়কৰ ভোট লাভ কৰিছিল।

লগতে পঢ়ক: First inhaling Covid-19 vaccine: প্ৰথমখন দেশ হিচাপে কৰোনাভাইৰাছৰ ‘ইনহেলড’ ভেকচিনত অনুমোদন দিলে চীনে

আস্থা ভোটত জয়ী হোৱাৰ পিছত কেজৰিৱালে দাবী কৰিছিল যে মনীষ চিছোদিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছত গুজৰাটত আপৰ ভোটৰ পৰিমাণ বৃদ্ধি পাইছে। যদি দিল্লীৰ উপ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হয় তেন্তে আপে গুজৰাটত অধিক ভোট লাভ কৰিব। ফলত আম আদমী পাৰ্টীয়ে কোনো বাধা অবিহনে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব।

কেজৰিৱালে কৈছিল,”চিবিআইয়ে মনীষৰ বিৰুদ্ধে অভিযোগ অনাৰ পিছত গুজৰাটত আমাৰ ভোট ৪ শতাংশ বৃদ্ধি পাইছে। তাৰ পিছত যদি মনীষক গ্ৰেপ্তাৰ কৰা হয় আমাৰ ভোট আৰু ৬ শতাংশ বৃদ্ধি হ’ব। যদি মনীষক গ্ৰেপ্তাৰ কৰা হয় তেনেহ’লে আমি নিশ্চিতভাৱে গুজৰাটত চৰকাৰ গঠন কৰিম।‘’

লগতে পঢ়ক: নোবেল বিজয়ী সাংবাদিক মুৰাটভৰ বাতৰিকাকতৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে ৰাছিয়াই

তদুপৰি, কেজৰিৱালে লগতে কৈছিল যে বিজেপিয়ে আনকি দিল্লীত এজন আপ বিধায়ককো ক্ৰয় কৰাত ব্যৰ্থ হৈছে। আপৰ ৬২ জন বিধায়ক আছে। তেওঁলোকৰ ভিতৰত দুজন দেশৰ বাহিৰত আছে। এজন কাৰাগাৰত আছে। ইমানৰ পিছতো আপ আস্থা ভোটত বিজয়ী হোৱাৰ কথাই বিজেপিক শলঠেকত পেলাইছে।