শিষ্যৰ হাতত হাৰ মানিলে গুৰু! ধোনী মেজিক নচলিল,ঋষভ উজলিল

CSK vs DELHI

শনিবাৰে ৱাংখাড়েত চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত স্নায়ু যুঁজত শিষ্য ঋষভ পন্টে পৰাস্ত কৰিলে গুৰু মহেন্দ্ৰ সিং ধোনীক। অধিনায়ক হিচাপে বা নিজৰ বেটিং চতুৰতা দুয়োটাতে ব্যৰ্থ হ’ল ধোনী।

চেন্নাইয়ে বান্ধি দিয়া ১৮৯ৰাণৰ লক্ষ্য অনুসৰণ কৰি দিল্লীয়ে ৮টা বল খেলিবলৈ বাকী থকা অৱস্থাতে সাত উইকেটত হেলাৰঙে বিজয় সাৱ্যস্ত কৰে।

টছত জিকি প্ৰথমতে ফিল্ডিঙৰ সিদ্ধান্ত লয় দিল্লীৰ অধিনায়ক ঋষভ পন্টে। ভাৰতীয় ক্ৰিকেটৰ নতুন হাৰ্টথ্ৰব ঋষভৰ সিদ্ধান্তৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় দলৰ বলাৰসকলে।

আৰম্ভণিতেই ঋতুৰাজ(৫) আৰু ডুপ্লেছিছ(০)ৰ উইকেট দখল কৰে দিল্লীৰ বলাৰে। তাৰপাছতে মঈন আলী আৰু সুৰেশ ৰাইনাই চেন্নাইৰ ইনিংছ আগবঢ়াই নিয়ে।

মঈন ৩৬ৰাণ কৰি আউট হয় যদিও ৰাইনাই ৩৬টা বলত ৫৪ৰাণৰ এটা আকৰ্ষণীয় ইনিংছ খেলে। ৰাইনা ৰাণ আউট হোৱাৰ পাছত আম্বাতি ৰায়ডু(২৩), জাডেজা (২৬ অপপৰাজিত) আৰু শ্যাম কুৰানৰ আক্ৰমণাত্মক বেটিঙৰ সহায়ত চেন্নাইয়ে ১৮৮ৰাণৰ কৰে।

কুৰানে মাত্ৰ ১৫টা বলতে ৩৪ৰাণ কৰে। তেওঁ মুঠতে চাৰিটা চাৰি আৰু দুটা ছয় কোবায়। কিন্তু সকলোৰে দৃষ্টি আৱদ্ধ হৈ থকা মহেন্দ্ৰ সিং ধোনীয়ে স্ক’ৰ কৰাত ব্যৰ্থ হ’য়। মাত্ৰ দুটা বল খেলিয়েই আবেশ খানৰ বলত ক্লীনব’ল্ড হয় ধোনী।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি দিল্লীৰ দুই অপেনাৰ পৃথ্বী শ্ব’ আৰু শিখৰ ধাৱানে সম্পূৰ্ণ নিজস্ব ভংগীত বেট চলায়। দুয়োজনে এপেনিং যুটীত ১৩৮ৰাণ যোগ দিয়ে।

ইয়াৰ পাছত যেতিয়া ১৩.৩ অভাৰত পৃথ্বী আউট হয় তেতিয়া তেওঁৰ নামত লিখা হৈ যায় ৩৮বলত ৭২ ৰাণৰ এক দৰ্শণীয় ইনিংছৰ কাৰনামা। সেইদৰে ৫৪টা বলত ৮৫ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলি আউট হয় শিখৰ ধাৱান।

কিন্তু এইটোৱে দিল্লীক আকাংখিত বিজয়ৰ পৰা বঞ্চিত কৰিব নোৱাৰিলে। অধিনায়ক ঋষভ পন্ট আৰু হেটমেয়াৰে অনায়াসে দলক নিৰ্দিষ্ট লক্ষ্যত উপনীত কৰায়।