NORTHEAST NOW (Assamese)

কৃষক বিক্ষোভত যোগদান! আজি অনশনত বহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

December 14, 2020 7:36 am · এন ই নাও নিউজ
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

কৃষক আন্দোলন ক্ৰমে অধিক শক্তিশালী ৰূপত আগবাঢ়িছে। কৃষক সংগঠনে ইতিমধ্যে অনশনৰ আহ্বান জনাইছে।

কৃষকসকলৰ বিক্ষোভলৈ সমৰ্থনৰ হাত আগবঢ়াই অনশনত যোগদান কৰাৰ কথা জানিবলৈ দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

কেজৰিৱালে এদিনৰ বাবে কৃষকসকলৰ সৈতে অনশনত বহিব বুলি জানিব দিছে।

মুখ্যমন্ত্ৰী কেজৰিৱালেই নহয়, তেওঁৰ দল আম আদমি পাৰ্টিৰ সমৰ্থকসকলেও এই অনশনত যোগ দিব বুলি কোৱা হৈছে।

সোমবাৰে দেশজুৰি কৃষক সংগঠনসমূহে অনশন আন্দোলনৰ আহ্বান দিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে এই অনশন কাৰ্যসূচীতে যোগদান কৰিব।

মুখ্যমন্ত্ৰী কেজৰিৱালে এক ভাৰ্চুৱেল সংবাদমেলৰ জৰিয়তে জনায় যে কৃষক আন্দোলনৰ প্ৰথমটো দিনৰে পৰা আম আদমি পাৰ্টিয়ে সমৰ্থন জনাই আহিছে। সোমবাৰে প্ৰত্যক্ষভাৱে সেই আন্দোলনত থিয় দিব আপে।

কেন্দ্ৰৰ বিতৰ্কিত তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদত এদিনৰ অনশনত বহিব কৃষকসকলে। সোমবাৰে কৃষকসকলে দিল্লীৰ সিংঘু সীমান্তত বহি অনশন কাৰ্যসূচী ৰূপায়ন কৰিব।

বিগত ১৭দিন ধৰি কৃষকসকলৰ বিক্ষোভ অব্যাহত আছে। যেতিয়ালৈকে কেন্দ্ৰই বিতৰ্কিত কৃষি আইন বাতিল নকৰে তেতিয়ালৈকে এই আন্দোলন চলাই যাব বুলি কৃষকসংগঠনসমূহে জানিবলৈ দিছে।

Related News