NORTHEAST NOW (Assamese)

দিল্লী চৰকাৰক প্ৰশংসা কৰা জুবিন গাৰ্গক ধন্যবাদ জনালে মুখ্য মন্ত্ৰী কেজৰিৱালে

January 4, 2020 12:16 pm · এন ই নাও নিউজ
জুবিন আৰু দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱাল।

দিল্লী চৰকাৰৰ কামকাজক প্ৰশংসা কৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক শনিবাৰে ধন্যবাদ জ্ঞাপন কৰে দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে।

জুবিন গাৰ্গে দিল্লী চৰকাৰৰ কামৰ প্ৰশংসা কৰি মন্তব্যৰ বাবে দিল্লীৰ মুখ্য মন্ত্ৰীগৰাকী অভিভূত হৈছে।

কেজৰিৱালে নিজৰ টুইটত লিখিছে: ‘’ধন্যবাদ জুবিন গাৰ্গ, আমি যদি আমাৰ মৰমৰ দেশখনক উন্নতিৰ পথত আগুৱাই নিব পাৰো, আমি স্বাস্থ্য আৰু শিক্ষাক অভিযানৰ গতিৰে আগবঢ়াই নিব পাৰিম।‘’

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত জুবিন গাৰ্গে দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱাল আৰু দিল্লীৰ আম আদমী চৰকাৰখনৰ ৰাজহুৱাভাৱে প্ৰশংসা কৰিছিল।

দিল্লীত কেজৰিৱাল আৰু অআপৰ চৰকাৰখনে বহু কাম কৰা মই তাত প্ৰদৰ্শন কৰিবলৈ যাওতে দেখিছো বুলি জুবিনে অকপটে কেজৰিৱালৰ প্ৰশংসা কৰিছিল।

আনহাতে, বলীউদৰ আন এগৰাকী সংগীত শিল্পী বিশাল দাদলানিয়েও টুইটাৰত জুবিন আৰু কেজৰিৱালক প্ৰশংসা কৰিছে।

দাদলানিয়ে কয় যে প্ৰতিজন ভাৰতীয়ই প্ৰকৃততে নিজেই এইবোৰ দেখিছেই। মোৰ ভাতৃ জুবিনে এগৰাকী বিৰল মেগাষ্টাৰ যিয়ে মুকলিভাৱে ইয়াক কোৱাৰ সাহহ কৰিব পাৰে।

Related News