Delhi CM vs Assam CM: অসমৰ মুখ্যমন্ত্ৰীৰ বিদ্যালয়ৰ হিচাপ শুনি টুইটাৰত এইবাৰ নতুন প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰীৰ

Delhi CM tweets again challenging Assam CM এইবাৰ হিমন্ত বিশ্ব শৰ্মাই হিচাপ দাখিল কৰি প্ৰত্যাহ্বান জনোৱাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰত উত্তৰত কয়, “আপুনি বেয়া পোৱা যেন লাগিছে। মোৰ উদ্দেশ্য আপোনাৰ ত্ৰুটিবোৰ বিচাৰি উলিওৱা নাছিল। আমি সকলো এখন দেশৰ। আমি ইজনে সিজনৰ পৰা শিকিব লাগিব। তেতিয়াহে ভাৰত এক নম্বৰ দেশ হ’ব।”

“মই অসমলৈ আহিম। কেতিয়া আহিম মোক জনাওঁক? আপুনি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভাল কাম দেখুৱাব। আপুনি দিল্লীলৈ আহক, মই আপোনাক দিল্লীৰ কাম দেখুৱাম”। কেজৰিৱালে লগতে কয়।

উল্লেখযোগ্য যে কেজৰিৱালৰে হোৱা টুইটাৰ যুঁজত কালি সন্ধিয়া কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা শিক্ষাখণ্ডত হোৱা কামৰ হিচাপ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগতে দিল্লী চৰকাৰৰ বিদ্যালয়ৰ সংখ্যাক লৈয়ো হিচাপ বিচাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

টুইটাৰত কেজৰিৱালক প্ৰত্যুত্তৰ দি ডঃ শৰ্মাই কৈছিল, “প্ৰত্যেক দিনাৰ দৰে আপুনি কোনো হোমৱৰ্ক অবিহনে কিবা এটাৰ ওপৰত মন্তব্য কৰিছে! শিক্ষামন্ত্ৰী হিচাপে মোৰ দিনৰ পৰা, এতিয়ালৈকে, অনুগ্ৰহ কৰি মন কৰিব, অসম চৰকাৰে ৮৬১০ খন নতুন বিদ্যালয় স্থাপন/অধিগ্ৰহণ কৰিছে”।

কেজৰিৱাললৈ ডঃ শৰ্মাৰ প্ৰশ্ন “যোৱা ৭ বছৰত দিল্লী চৰকাৰে কিমানখন নতুন বিদ্যালয় আৰম্ভ কৰিছে?

লগতে পঢ়ক: Agnipath: ‘অগ্নিপথ’ বিতৰ্কৰ প্ৰভাৱ গোৰ্খা ৰেজিমেণ্টত; নিযুক্তি স্থগিত ৰাখিব বিচাৰিছে নেপালে

মুখ্যমন্ত্ৰীয়ে দাঙি ধৰা হিচাপ এনেধৰণৰ “প্ৰাদেশিকীকৰণ বা ২০১৩ চনৰ পৰা প্ৰাদেশিককৰণ বা চৰকাৰী ভাণ্ডাৰলৈ অধিগ্ৰহণ কৰা: প্ৰাথমিক ৬৮০২; মাধ্যমিক ১৫৮৯, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়:৮১, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদয়ালয়:৩, আদৰ্শ বিদ্যালয়:৩৮, চাহ বাগিচা মডেল স্কুল:৯৭।

দিল্লীৰ পৰিসংখ্যা জানিবলৈ আগ্ৰহী বুলিও হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

উল্লেখযোগ্য যে, অসম চৰকাৰে ছাত্ৰ-ছাত্ৰী নথকাৰ অজুহাতত ৰাজ্যৰ ৩৬ খনৰো অধিক বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ মাজতে দেশৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও আনকি অসমৰ বহু বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

টুইটাৰত অৰবিন্দ কেজৰিৱালে কৈছিল: বিদ্যালয় বন্ধ কৰাটো সমাধান নহয়। আমি সমগ্ৰ দেশতে বহুতো নতুন বিদ্যালয় খুলিব লাগিব। বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে, বিদ্যালয়বোৰ উন্নত কৰক আৰু শিক্ষা ব্যৱস্থা উন্নত কৰক।

লগতে পঢ়ক: কেজৰিৱালৰে হোৱা টুইটাৰ যুঁজত কংগ্ৰেছ চৰকাৰৰ দিনৰ হিচাপ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

উল্লেখ্য চৰকাৰী শিক্ষা ব্যৱস্থালৈ চকুত লগা পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ কথা আমেৰিকাৰ বিখ্যাত ’নিউয়ৰ্ক টাইমছ’ কাকতৰ প্ৰথম পৃষ্ঠাতে প্ৰকাশ পাইছে। তেনে সময়তে অসমত চৰকাৰে বিদ্যালয় বন্ধ কৰিবলগীয়া হোৱা কথাই বহুতকে চিন্তিত কৰি তুলিছে।