• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেজৰিৱালৰে হোৱা টুইটাৰ যুঁজত কংগ্ৰেছ চৰকাৰৰ দিনৰ হিচাপ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
August 25, 2022 7:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে ছাত্ৰ-ছাত্ৰী নথকাৰ অজুহাতত ৰাজ্যৰ ৩৬ খনৰো অধিক বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ মাজতে দেশৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও আনকি অসমৰ বহু বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

টুইটাৰত অৰবিন্দ কেজৰিৱালে কয়: ‘’বিদ্যালয় বন্ধ কৰাটো সমাধান নহয়। আমি সমগ্ৰ দেশতে বহুতো নতুন বিদ্যালয় খুলিব লাগিব। বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে, বিদ্যালয়বোৰ উন্নত কৰক আৰু শিক্ষা ব্যৱস্থা উন্নত কৰক।‘’

লগতে পঢ়ক: বিধায়ক ভাঙিবলৈ ৮০০ কোটি টকা খৰচ কৰিব বিচাৰিছে বিজেপিয়ে: কেজৰিৱালৰ বিস্ফোৰণ

Apply Now

তাৰ পাছতে কেজৰিৱালক উভতি ধৰি কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা হোৱা কামৰ হিচাপ দাঙি ধৰিলে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে দিল্লী চৰকাৰৰ বিদ্যালয়ৰ সংখ্যাকলৈয়ো হিচাপ হিচাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

টুইটাৰত কেজৰিৱালক প্ৰত্যুত্তৰ দি ডঃ শৰ্মাই কয়, “প্ৰত্যেক দিনাৰ দৰে আপুনি কোনো হোমৱৰ্ক অবিহনে কিবা এটাৰ ওপৰত মন্তব্য কৰিছে! শিক্ষামন্ত্ৰী হিচাপে মোৰ দিনৰ পৰা, এতিয়ালৈকে, অনুগ্ৰহ কৰি মন কৰিব, অসম চৰকাৰে ৮৬১০ খন নতুন বিদ্যালয় স্থাপন/অধিগ্ৰহণ কৰিছে।”

Dear @ArvindKejriwal Ji – As usual you commented on something without any homework!

Since my days as Edu Minister, till now, please note, Assam Govt has established/ taken over 8610 NEW SCHOOLS; break-up below.

How many new schools Delhi Government has started in last 7 yrs? https://t.co/PTV7bO4GKL

— Himanta Biswa Sarma (@himantabiswa) August 25, 2022

কেজৰিৱাললৈ ডঃ শৰ্মাৰ প্ৰশ্ন “যোৱা ৭ বছৰত দিল্লী চৰকাৰে কিমানখন নতুন বিদ্যালয় আৰম্ভ কৰিছে?’’

লগতে পঢ়ক: আঁচনিৰ ক্ষেত্ৰত সঘনাই বিজ্ঞাপন দিয়া মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ত ছাত্র-ছাত্রীক পঢ়াবলৈ কিয় বিজ্ঞাপন দিব নোৱাৰে?: কৃষক মুক্তি

মুখ্যমন্ত্ৰীয়ে দাঙি ধৰা হিচাপ এনেধৰণৰ “প্ৰাদেশিকীকৰণ বা ২০১৩ চনৰ পৰা প্ৰাদেশিককৰণ বা চৰকাৰী ভাণ্ডাৰলৈ অধিগ্ৰহণ কৰা: প্ৰাথমিক ৬৮০২; মাধ্যমিক ১৫৮৯, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়:৮১, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদয়ালয়:৩, আদৰ্শ বিদ্যালয়:৩৮, চাহ বাগিচা মডেল স্কুল:৯৭।

দিল্লীৰ পৰিসংখ্যা জানিবলৈ আগ্ৰহী বুলিও হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

লগতে পঢ়ক: কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্যত বিটিআৰ অঞ্চল; অনন্ত ৰায় মহাৰাজৰ মন্তব্যক লৈ তুমুল প্ৰতিক্ৰিয়া

উল্লেখ্য চৰকাৰী শিক্ষা ব্যৱস্থালৈ চকুত লগা পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ কথা আমেৰিকাৰ বিখ্যাত ’নিউয়ৰ্ক টাইমছ’ কাকতৰ প্ৰথম পৃষ্ঠাতে প্ৰকাশ পাইছে। তেনে সময়তে অসমত চৰকাৰে বিদ্যালয় বন্ধ কৰিবলগীয়া হোৱা কথাই বহুতকে চিন্তিত কৰি তুলিছে। 

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd