• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক ভাঙিবলৈ ৮০০ কোটি টকা খৰচ কৰিব বিচাৰিছে বিজেপিয়ে: কেজৰিৱালৰ বিস্ফোৰণ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 25, 2022 5:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

BJP has set aside Rs 800 crore to buy 40 MLAs দিল্লীতো মহাৰাষ্ট্ৰৰ পুনৰাবৃত্তি হ’বলৈ গৈ আছে নেকি? অৰবিন্দ কেজৰিৱালৰ দলে বুধবাৰেই দাবী কৰিছিল যে বিজেপিয়ে দিল্লীতো ‘অপাৰেচন লোটাছ’ চলাইছে। আম আদমী পাৰ্টিৰ বিধায়ক ‘ভাঙিবলৈ’ ফোনযোগে যোগাযোগ কৰা হৈছে। ২০-২৫ কোটি টকাৰ প্ৰলোভনো দেখুওৱা হৈছে। ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বৃহস্পতিবাৰে এক জৰুৰী বৈঠকত বহিছিল।

বৈঠকৰ পিছত টুইটাৰত এটা পোষ্টত তেওঁ লিখিছে, “তেওঁলোকে দিল্লী চৰকাৰক ওফৰাবলৈ ৮০০ কোটি টকা ৰাখিছে। তেওঁলোকে প্ৰতিজন বিধায়কৰ বাবে ২০ কোটি টকা দি ৪০ জন বিধায়কক অঁতৰাই নিব বিচাৰে। দেশখনে জানিব বিচাৰে যে এই ৮০০ কোটি টকা কাৰ আৰু ইয়াক ক’ত ৰখা হৈছে? আমাৰ কোনো বিধায়কে দল ত্যাগ নকৰে। চৰকাৰ সুস্থিৰ। দিল্লীত চলি থকা ভাল কামবোৰ অব্যাহত থাকিব।‘’

ৰাজঘাটত বৃহস্পতিবাৰে অৰবিন্দ কেজৰিৱাল।

কেজৰিৱালৰ বৈঠকত আপৰ ৬২ জন বিধায়কৰ ভিতৰত ৫৩ জন উপস্থিত আছিল। অৱশ্যে, যিসকলে আহিব নোৱাৰিলে তেওঁলোকেও অৰবিন্দ কেজৰিৱালৰ সৈতে ফোনযোগে কথা পাতিছিল বুলি তেওঁলোকে দাবী কৰিছে।

Apply Now

আপৰ নেতা সৌৰভ ভৰদ্বাজে কয় যে অধ্যক্ষই মুখ্যমন্ত্ৰীৰ সৈতে ফোনত কথা পাতি থকাৰ সময়ত তেওঁলোকে সমৰ্থনৰ আশ্বাস দিছে। এতিয়ালৈকে আপৰ ১২জন বিধায়কে স্বীকাৰ কৰিছে যে বিজেপিয়ে তেওঁলোকক প্ৰস্তাৱ দিছে। অৱশ্যে তেওঁলোক সকলোৱে জনাই দিছে যে শেষ নিশ্বাস থকালৈকে তেওঁলোক কেজৰিৱালৰ কাষত থাকিব।

লগতে পঢ়ক: অসমৰ বিদ্যালয় বন্ধ কৰাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইট

বৈঠকৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপত কেজৰিৱালে কয়, “মই শুনিছো যে তেওঁলোকে ৪০ জন বিধায়কক উৎকোচ দিবলৈ বিচাৰিছে। মই সুখী যে শেষত এজনো বিধায়ক তেওঁলোকৰ সৈতে নাথাকিব।‘’

বৈঠকৰ পিছতেই কেজৰিৱাল আৰু তেওঁৰ সহযোগী বিধায়কসকলে দলবদ্ধভাৱে ৰাজঘাটৰ মহাত্মা গান্ধী স্মাৰকলৈ গৈ প্ৰাৰ্থনা কৰে।

दिल्ली सरकार गिराने के लिए इन्होंने 800 करोड़ रखे हैं- प्रति MLA 20 करोड़, 40 MLA तोड़ना चाहते हैं

देश जानना चाहता है। ये 800 करोड़ किसके हैं, कहाँ रखे हैं?

हमारा कोई MLA नहीं टूट रहा। सरकार स्थिर है।दिल्ली में चल रहे सभी अच्छे काम जारी रहेंगे

— Arvind Kejriwal (@ArvindKejriwal) August 25, 2022

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই প্ৰথমে অভিযোগ কৰিছিল যে বিজেপিয়ে এনে এক ষড়যন্ত্ৰত লিপ্ত হৈ আছে। চিবিআইয়ে তেওঁৰ ঘৰত অভিযান চলোৱাৰ দুদিন পিছতে তেওঁক এই দাবী কৰা দেখা গৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd