‘কাশ্মীৰ ফাইলছ’কলৈ মন্তব্য: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

কাশ্মীৰ ফাইলছ নামৰ জি ষ্টুডিঅ’ই নিৰ্মাণ কৰা ছবি খনকলৈ কৰা মন্তব্যৰ বাবেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত আক্ৰমণ চলালে বিজেপিৰ একাংশ উদণ্ড নেতা-কৰ্মীয়ে।

কেজৰিৱালে দিল্লী বিধানসভাত তেওঁৰ ভাষণত কাশ্মীৰ ফাইলৰ প্ৰচাৰৰ বাবে বিজেপিক তীব্ৰ সমালোচনা কৰিছিল৷

কেজৰিৱালৰ মন্তব্যৰ বিৰোধিতা কৰিবলৈ আজি বিজেপি সাংসদ তেজস্বী সূৰ্যৰ নেতৃত্বত একাংশ বিজেপি সমৰ্থকে আইপি কলেজৰ পৰা মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ সমদল উলিয়াইছিল। সমদলকাৰীসকলে কেজৰিৱালৰ বাসভৱনৰ সন্মুখত উপস্থিত হৈয়েই বাসগৃহৰ সন্মুখৰ প্ৰৱেশদ্বাৰ ভাঙি পেলায়।

আম আদমী পাৰ্টিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই কথা সবিস্তাৰে প্ৰকাশ কৰা হৈছে। আক্ৰমণকাৰীয়ে কেজৰিৱালৰ বাসভৱনৰ চিচিটিভি কেমেৰাও ভাঙি চুৰমাৰ কৰে। বিজেপি সমৰ্থকৰ এই ধ্বংসকাৰ্যত একাংশ আৰক্ষীৰ লোকেও সহযোগ কৰা বুলি অভিযোগ উঠিছে।

এই আক্ৰমণ সন্দৰ্ভত টুইটাৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই লিখিছে: ” “আচৰিত! দিল্লী আৰক্ষীয়ে কি কৰি আছিল যেতিয়া বিজেপি কৰ্মী আৰু নেতাসকলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত গুণ্ডামি কৰি আছিল? তেওঁলোকৰ ওচৰত অমিত শ্বাহৰ কাৰ্যালয়ৰ পৰা বিজেপিৰ এই উদণ্ড লোকসকলক সমৰ্থন কৰাৰ নিৰ্দেশ আছিল নেকি?”

উল্লেখ্য বিধানসভাত অৰবিন্দ কেজৰিৱালে কাশ্মীৰ ফাইলছ ছবিখনকলৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ কৰিছিল।

তেওঁ কৈছিল যে বিজেপিৰ কৰ্মীসকলে সকলো ঠাইতে চিনেমাখনৰ পোষ্টাৰ লগাই আছে। এয়া কেনে কথা বুলিও তেওঁ প্ৰশ্ন কৰিছিল।