ৰক্ষকেই ভক্ষক : চাৰি গৰাকীকৈ মহিলাক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল খোদ আৰক্ষী উপ পৰিদৰ্শক

index

চাৰি গৰাকী মহিলাক পৃথকে পৃথকে যৌন আতিশয্য চলাই গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হৈছে এজন আৰক্ষী উপ পৰিদৰ্শক।

শনিবাৰে চাৰিগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অভিযুক্ত উপ পৰিদৰ্শক গৰাকীক।

ঘটনাটো সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীত।

ঘটনাৰ বিৱৰণীৰ মতে ১৭ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ পুৱা ৮ৰ পৰা ৯ বজাৰ ভিতৰত দক্ষিণ দিল্লীৰ দ্বাৰকা অঞ্চলত এখন ব’লেন’ গাড়ীৰে অহা এজন লোকে চাৰি গৰাকী মহিলাক পৃথকে পৃথকে অনুসৰণ কৰি অশ্লীল বাক্য প্ৰক্ষেপণেৰে যৌন আতিশয্য চলাই আহিছিল।

ইয়াৰ পিছতে চাৰিগৰাকী মহিলাই পৃথকে পৃথকে অভিযুক্তৰ বিৰুদ্ধে একেদিনাই আৰক্ষীৰ থানাত অভিযোগ দাখিল কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আৰক্ষীয়ে উপ আৰক্ষী পৰিদৰ্শকজনৰ বিৰুদ্ধে প্ৰটেকশ্যন অৱ চিল্ড্ৰেন ফ্ৰম ছেক্সুৱেল অফেনছ(POSCO)আইনৰ অধীনত গোচৰ ৰুজু কৰে।

এগৰাকী ভুক্তভোগীয়ে এটা ভিডিঅ’যোগে এই সমস্ত ঘটনাটো বিৱৰি কয়, “পুৱা মই চাইকেল চলাই থকাৰ সময়ত গ্ৰে’ ৰঙৰ পিছফালৰ গিলাছ ভঙা এখন গাড়ীয়ে মোক পিছ লোৱা লক্ষ্য কৰো। অলপ পিছতে চালকে গাড়ীখন মোৰ নীচেই কাষে কাষে চলাবলৈ ধৰিলে। মই তেওঁলৈ চোৱা নাছিলো। তেওঁ মোক কিবা ক’বলৈ ধৰিলে। মই তেওঁক আগবাঢ়িবলৈ ক’লো, কিন্তু তেওঁ আগ নাবাঢ়ি মোক অনুসৰণ কৰাত লাগিল।”

ভুক্তভোগী গৰাকীয়ে লগতে কয় যে লোকজনে দ্বাৰকাৰ চেক্টৰ ১৪ লৈ কোনদিশে যায় সেয়া সুধিলে আৰু লোকজনক তেওঁ কোন দিশে যায় ক’বলৈ লওঁতে পেন্টৰ চেইন খুলি মহিলাগৰাকীৰ আপত্তিজনক অংগবোৰত স্পৰ্শ কৰি যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে।

“ক্ৰোধত মই তেওঁক তেনে কৰিবলৈ বাধা দি গুচি যাবলৈ ক’লো। মোৰ ওচৰে পাজৰে আৰু কোনো নাছিল। পথেৰে গাড়ীবোৰ দ্ৰুত গতিত গৈ আছিল। ইয়াৰ পিছত লোকজনে অশ্লীল কথা ক’বলৈ আৰম্ভ কৰি মোক যৌন উৎপীড়ণ চলাবলৈ বন্ধ কৰা নাছিল।” মহিলাগৰাকীয়ে ভিডিঅ’টোত কয়।

ইয়াৰ পিছতে তাতে কেইখন মান গাড়ী ৰখোৱা দেখি লোকজনে তাৰ পৰা পলয়ান কৰে বুলি জনায় ভুক্তভোগী এগৰাকীয়ে কয়।

চাৰি গৰাকীকৈ মহিলাৰ একে ধৰণৰ ঘটনাৰ অভিযোগ লাভ কৰি আৰক্ষীয়ে পুনৰাবৃত্তি হৈ থকা এই কাণ্ডটোৰ বাবে এক বিশেষ পৰিকল্পনাৰে তদন্ত আৰম্ভ কৰে।

সেই মৰ্মে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত ২০০টা চিচিটিভি সাজু কৰি ৰাখে আৰু লগতে ২০০জন আৰক্ষীৰ লোকক অঞ্চলটোত নিয়োগ কৰে।

২০০ আৰক্ষীৰ জোৱানৰ সহযোগত আৰু ২০০ চিচিটিভি ফুটেজ পৰীক্ষা কৰি এই ফুটেজৰ ভিত্তিতে আৰক্ষীয়ে অভিযুক্ত ৩৫ বছৰীয়া পুণিত গ্ৰেৱাল নামৰ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ উপ পৰিদৰ্শক গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।