দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই দাখিল কৰা মানহানিৰ গোচৰত দোষী সাব্যস্ত পৰিবেশবিদ মেধা পাটকাৰ

নৰ্মদা বচাও আন্দোলনৰ প্ৰতিষ্ঠাপক মেধা পাটকাৰ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হৈছে।পৰিবেশবিদগৰাকী জৰিমনা বা দুবছৰৰ কাৰাদণ্ডৰ বা দুয়োটাৰে সন্মুখীন হ’ব লাগিব।২০০৬ চনত দাখিল কৰা এই গোচৰৰ শুনানি চলি আছিল দিল্লীৰ আদালতত। এই দোষী সাব্যস্ত হোৱাৰ নিৰ্দেশ দণ্ডাধীশ ৰাঘৱ শৰ্মাই প্ৰদান কৰে।

দণ্ডাধীশ শৰ্মাই কয় যে সুনাম এজন ব্যক্তিৰ অন্যতম মূল্যৱান সম্পদ, কিয়নো ই ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা সম্পৰ্কতে প্ৰভাৱ পেলায় আৰু সমাজত ব্যক্তিৰ স্থানতো যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

২০০০ চনত লেফটেনেণ্ট গৱৰ্ণৰজন আহমেদাবাদস্থিত এন জি অ’ নেশ্যনেল কাউন্সিল ফৰ চিভিল লিবাৰ্টিজৰ মুৰব্বী আছিল। কৰ্মীগৰাকীয়ে ছাক্সেনাৰ বিৰুদ্ধে বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে নৰ্মদা বচাও আন্দোলনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

২০০৬ চনত এটা টিভি চেনেলত ছাক্সেনাৰ বিষয়ে অপমানজনক মন্তব্য কৰাৰ লগতে মানহানিকাৰক প্ৰেছ বিবৃতি প্ৰকাশ কৰাৰ বাবেও ছাক্সেনাই দুটা গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে পাটকাৰৰ নৰ্মদা বচাও আন্দোলনে দাবী কৰিছিল যে ২০১৭ চনত উদ্বোধন কৰা গুজৰাটৰ চৰ্দাৰ সৰোৱৰ বান্ধ নিৰ্মাণৰ ফলত ৪০ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হ’ব পাৰে। ইয়াৰ দ্বাৰা ব্যাপক প্ৰতিবাদৰ আয়োজন কৰা হৈছিল, পৰিয়ালসমূহে নিজৰ ঘৰ এৰিবলগীয়া হ’ব পাৰে, যিটো বাবে বহুলোকৰ ঘৰ ডুব যাব পাৰে।

১৯৬১ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পাছৰে পৰা বিতৰ্কৰ মাজত সোমাই পৰিছিল।