নির্ভয়া কাণ্ডৰ দোষীৰ ফাঁচী পুনৰ আদেশ নিদিয়ালৈ স্থগিত; কান্দোনত ভাগি পৰিল মাতৃ আশা দেৱী

Untitled-design-91-750x375-1

নিৰ্ভয়াৰ অপৰাধীকেইজন।

নিৰ্ভয়াৰ গণ ধৰ্ষণৰ ঘটনাৰ আটাইকেইজন দোষীৰ ফাঁচী স্থগিত ৰখা হৈছে। নিৰ্ভয়াৰ দোষীকেইজনৰ কাইলৈ অৰ্থাৎ ১ ফেব্ৰুৱাৰিত ফাঁচী হোৱাৰ কথা আছিল।

দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে ফাঁচীৰ ওপৰত বাধা আৰোপ কৰে। নিৰ্ভয়াৰ দোষীকেইজনৰ ফাঁচীৰ বিষয়টো আকৌ এবাৰ ওলমি ৰ’ল।

আইনী মেৰপেছত নিৰ্ভয়াৰ দোষীকেইজনে বাৰে বাৰে সাৰি যোৱাৰ সুৰুঙা লাভ পাইছে।

নিৰ্ভয়াৰ চাৰিগৰাকী দোষীক শনিবাৰে পুৱতি নিশা ১ বজাত ফাঁচী কাঠত ওলমোৱা নহয়। আদালতে পৰৱৰ্তী আদেশ নিদিয়ালৈকে ফাঁচী স্থগিত কৰা হৈছে।

এইদৰে দ্বিতীয়বাৰৰ বাবে দোষীকেইজনৰ ফাঁচী স্থগিত কৰা হ’ল। ইয়াৰ পূৰ্বে অপৰাধীকেইজনক ২২ জানুৱাৰিক পুৱা ৭বজাত ফাঁচী দিয়াৰ দিন ধাৰ্য কৰা হৈছিল।

ফাঁচী স্থগিত হোৱাৰ খৱৰ পোৱাৰ লগে লগে নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে কান্দোনত ভাগি পৰে। তেওঁ কয় যে অপৰাধীৰ অধিবক্তা এ পি সিঙে তেওঁক অপৰাধীকেইজনৰ কেতিয়াও মৃত্যুদণ্ড নহয় বুলি প্ৰত্যাহ্বান জনাইছে।

আশা দেৱীয়ে তেওঁৰ যুঁজ অব্যাহত থাকিব বুলি জনাই কয় যে চৰকাৰে অপৰাধীক ফাঁচীত ওলোমাবই লাগিব।

উল্লেখযোগ্য যে নিৰ্ভয়াৰ অপৰাধীয়ে ফাঁচীৰ শাস্তি ৰোধ কৰাৰ বাবে যথাসম্ভৱ আইনী বিকল্পৰ প্ৰয়োগ কৰিছে।