NORTHEAST NOW (Assamese)

দিল্লী বিমানবন্দৰত যাত্ৰীৰ পৰা শুল্ক বিভাগে জব্দ কৰিলে ৪০ লক্ষাধিক টকাৰ বিদেশী নোট

August 5, 2022 6:29 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শুল্ক বিভাগে এগৰাকী যাত্ৰীৰ পৰা জব্দ কৰিছে ৪১.৮ লাখ টকাতকৈও অধিক মূল্যৰ বিদেশী নোট।

বৃহস্পতিবাৰে ডুবাইলৈ ৰাওনা হ’বলগীয়া ভাৰতীয় যাত্ৰীগৰাকীৰ পৰা এই নোটখিনি জব্দ কৰে।

যাত্ৰীগৰাকীয়ে XI-১৪১ নম্বৰৰ বিমানেৰে নতুন দিল্লীৰ পৰা ডুবাইলৈ ৰাওনা হোৱাৰ বাবে বিমানবন্দৰত উপস্থিত হৈছিল।

সন্দেহবশত: তেওঁক বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে পৰীক্ষা চলোৱাৰ পিছত লগত নিয়া এটা বেগৰ পৰা বিদেশী নোটসমূহ উদ্ধাৰ কৰে।

লগে লগে শুল্ক বিভাগে শুল্ক আইন, ১৯৬২ৰ ধাৰা ১১০ ৰ অধীনত মুঠ ৫২,৯০০ ডলাৰ জব্দ কৰে।

একে আইনৰে ১০৪ ধাৰাৰ অধীনত অবৈধভাৱে এই নোটখিনি কঢ়িয়াই নিয়াৰ বাবে যাত্ৰীগৰাকীকো গ্ৰেপ্তাৰ কৰে।

Related News