বিতৰ্কই যেন আজিও লগ এৰা নাই হলিউডৰ প্ৰয়াত অভিনেত্ৰী মেৰিলিন মনৰোক৷
চৰ্চিত হলিউডৰ অভিনেত্ৰী মেৰিলিন মনৰোকলৈ শেহতীয়াকৈ নিৰ্মাণ কৰা হৈছে এখন বায়’পিক৷ মনৰোৰ জীৱনৰ বিচিত্ৰ কাহিনীকলৈ ২৮ ছেপ্টেম্বৰত নেটফ্লিক্সত এখন ছবিয়ে মুক্তি পাইছে৷ ছবিৰ নাম ব্লণ্ড।
ছবি খনকলৈ এতিয়া বিতৰ্কৰ ধুমুহা বৈছে৷ হলিউডৰ ভেনাছ হিচাবে খ্যাত মেৰিলিন মনৰোৰ বহু অজানা কথা ছবি খনত দেখুওৱা হৈছে৷ । মনৰোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ তদানীন্তন ৰাষ্ট্ৰপতি জন এফ কেনেডিৰ সৈতেও জড়িত কৰা হৈছিল।কেৱল বিতৰ্কৰ মাজতে দিন নিয়াবলগীয়া হোৱা মেৰিলিনৰ মৃত্যুৰ ৬০ বছৰ পিছত নিৰ্মাণ হৈছে তেওঁৰ জীৱনৰ ওপৰত আধাৰিত বায়োপিক ব্লণ্ড ।
ব্লণ্ডক লৈ এতিয়া পুনৰ বিতৰ্ক আৰম্ভ হৈছে৷ মেৰিলিনৰ অনুৰাগীসকলে কয় যে ব্লণ্ডত মেৰিলিনৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ উচ্চাৰণ মেৰিলিনৰ উচ্চাৰণ মিলা নাই।
সেয়ে তেওঁৰ অনুৰাগী সকলে ছবি খনৰ সমালোচনা কৰিছে৷ উল্লেখ্য ১৯৬২ চনৰ ৪ আগষ্টত মেৰিলিন মনৰোৰ এক ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল৷ সেয়া হত্যা নে আত্মহত্যা আজিও সাঁথৰ হৈ আছে৷