NORTHEAST NOW (Assamese)

দিল্লী বিধানসভা নিৰ্বাচনঃ ৫০০ টকাত চিলিণ্ডাৰ, ফ্ৰী ৰেচন, ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

January 16, 2025 6:45 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীত কংগ্ৰেছে ক্ষমতালৈ আহিলে ৰাজধানীৰ বাসিন্দাক মাহে ৫০০ টকাকৈ এটা গেছ চিলিণ্ডাৰ যোগান ধৰিব। ইয়াৰ উপৰিও বিনামূলীয়া ৰেচন আৰু ৩০০ ইউনিট বিদ্যুতৰ ব্যৱস্থা কৰা হব। কংগ্ৰেছে বৃহস্পতিবাৰে ৰাজধানীত এক সংবাদমেলত এই প্ৰতিশ্ৰুতি ঘোষণা কৰে।

তাৎপৰ্যপূৰ্ণ যে কংগ্ৰেছে দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে এই সকলো সুবিধা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ জৰিয়তে ঘোষণা কৰিছে। দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱো উপস্থিত থাকে। ২০২৪ চনত তেলেংগানাৰ ক্ষমতা দখল কংগ্ৰেছে। কংগ্ৰেছৰ সফলতাৰ আঁৰত আছিল জনমুখী প্ৰকল্পৰ প্ৰতিশ্ৰুতি।

ইতিমধ্যে কংগ্ৰেছ শিৱিৰে ঘোষণা কৰিছে যে দলটো ক্ষমতালৈ আহিলে মহিলাসকলক প্ৰতিমাহে ২৫০০ টকা দিয়া হব। দলটোৱে প্ৰকল্পটোৰ নাম ‘প্যায়াৰী দিদি ৰাখিছে। মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ মহিলাসকলৰ বাবে নগদ ধনৰ আঁচনি প্ৰৱৰ্তন কৰি বিজেপি লাভৱান হৈছে। দুবছৰ পূৰ্বে কৰ্ণাটকতো একেধৰণে লাভৱান হৈছিল কংগ্ৰেছ। পঞ্জাৱত আপৰ জয়ৰ আঁৰত মহিলাক নগদ ধন দিয়াৰ প্ৰতিশ্ৰুতিও অন্যতম আছিল।

কিন্তু দিল্লীত কংগ্ৰেছে কৰা আটাইতকৈ ডাঙৰ ঘোষণাটো আছিল নিবনুৱাক প্ৰতিমাহে ৮৫০০ টকা ভাট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি। কোনো দলেই ইমান বৃহৎ পৰিমাণৰ ধন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া নাই। কিন্তু অৱগত সূত্ৰৰ মতে, বিজেপিয়ে মহিলাসকলক সমৰ্থন লাভৰ বাবে দিল্লীত প্ৰতিমাহে ৫ হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিব পাৰে। কংগ্ৰেছে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে দিয়া ঘোষণা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে যদিহে দলটোৱে চৰকাৰ গঠনৰ সুযোগ পায়।

Related News